ক’ভিড পৰিস্থিতিৰ ফলত বিদ্যালয় বন্ধ কৰি অনলাইন পাঠদান কৰিবলগীয়া হোৱাৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক মাছুল হ্ৰাস কৰাৰ নিৰ্দেশ দিয়ে । কাৰণ, প্ৰতিষ্ঠান চৌহদত প্ৰদান কৰা বিভিন্ন সুবিধা বন্ধ হৈ যোৱাৰ ফলত তেওঁলোকৰ ব্যয়ৰ পৰিমাণো কমি গৈছে ।
ন্যায়াধীশ এ এম খানৱিলকৰ আৰু ডিনেশ মহেশ্বৰি বেঞ্চে কয় যে, এই কঠিন সময়ছোৱাত শৈক্ষিক প্ৰতিষ্ঠান কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ অভিভাৱকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত । বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক মাছুলৰ বাবদ প্ৰদান কৰা সুবিধাসমূহ সম্প্ৰতি বন্ধ হৈ থকাৰ বাবে সেইসমূহৰ মাছুল গ্ৰহণ কৰিব নালাগে ।
বেঞ্চে কয়, ‘আইন অনুযায়ী, অনিয়ন্ত্ৰিত পৰিস্থিতিৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক প্ৰদান কৰিব নোৱাৰা কাৰ্যকলাপ আৰু সুবিধাসমূহৰ বাবে মাছুল গ্ৰহণ কৰিব নালাগে । এইসমূহ কাৰ্যকলাপৰ বাবে মাছুল দাবী কৰা লাভজনক আৰু বাণিজ্যিকীকৰণ বুলি অভিহিত কৰা হ’ব ।’
লগতে কয়, ‘সম্পূৰ্ণ তলাবন্ধৰ বাবে ইয়াক এটা ন্যায়িক জাননী হিচাপেও গ্ৰহণ কৰিব পাৰে, কাৰণ ২০২০-২১ শিক্ষাবৰ্ষত বিদ্যালয়সমূহ দীৰ্ঘ সময়ৰ বাবে খোলা নহ’ব । ফলত বিদ্যালয় কৰ্তৃপক্ষই পেট্ৰল/ডিজেল, ৰক্ষণাবেক্ষণ ব্যয়, বৈদ্যুতিক, পানীৰ ব্যয়, স্থবিৰ ব্যয় বহন কৰিব নালাগিব ।’