বিগত বৰ্ষত ভাৰতত ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত উদ্বেগজনক হাৰত বৃদ্ধি পাইছিল নিবনুৱা সমস্যা । তলাবন্ধৰ ফলত কৰ্মসংস্থাপন হেৰুৱাইছিল বহু লোকে । তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ পাছত অৰ্থনৈতিক কাজকৰ্ম আৰম্ভ হোৱাত পুনৰ কামত যোগ দিছিল বহুতে । সম্প্ৰতি এক সমীক্ষাত দাবী কৰা হৈছে যে, ক’ভিডৰ দ্বিতীয় ঢৌৰ ফলত পুনৰ কৰ্মসংস্থাপন হেৰুৱাব লৈছে । কেৱল এপ্ৰিলতে ভাৰতত প্ৰায় ৭০ লাখ লোকে চাকৰি হেৰুৱাইছে ।
চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিক প্ৰাইভেট (চিএমআইই) এক বেচৰকাৰী সংস্থাই জনায় যে, ভাৰতত মাৰ্চত নিবনুৱাৰ হাৰ আছিল ৬.৫ শতাংশ । এপ্ৰিলত ইয়াৰ হাৰ বৃদ্ধি হৈ হয় গৈ ৭.৯৭ শতাংশ ।
চিএমআইই-ৰ মেনেজিং ডিৰেক্টৰ মহেশ ব্যাসে কয়, ‘দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে । কিছুসংখ্যক ৰাজ্যত তলাবন্ধ জাৰি কৰাৰ বাবেই হয়তো এই হাৰ বৃদ্ধি পাইছে । সংক্ৰমণৰ হাৰ অধিক বৃদ্ধি পোৱাৰ বাবে আৰু প্ৰশাসনে ক’ভিড যুঁজত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে মে’তো এনে পৰিস্থিতিয়ে থাকিব । অৰ্থাৎ নিবনুৱাৰ হাৰ আৰু বৃদ্ধি পাব ।’
সমীক্ষা অনুযায়ী, উৎপাদনকাৰী সংস্থাসমূহত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে । ইয়াৰ এটা কাৰণ হ’ব পাৰে, চৰকাৰী নিৰ্দেশ অনুযায়ী কৰ্মীৰ সংখ্যা কম ৰাখিবৰ বাবে বহু সংস্থাই কৰ্মী ওলিয়াই দিছে । আন এটা কাৰণ হ’ব পাৰে, বহিঃ ৰাজ্যত কৰ্মৰত লোকৰ একাংশই নিজ ৰাজ্যত উভতি অহাৰ চেষ্টা কৰিছে । প্ৰয়োজনত চাকৰি ত্যাগ কৰিছে তেওঁলোকে । এই যৌথ কাৰণতে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ।
কৰ’না পৰিস্থিতিৰ বাবে একাধিক বিধিনিষেধ জাৰি কৰাৰ ফলত বহু সেৱা প্ৰায় বন্ধ হৈ পৰিছে । সেয়ে এই সেৱাবোৰৰ স’তে জড়িত হৈ থকা বহু লোককে সংস্থাৰ পৰা ওলিয়াই দিয়া হৈছে । অৰ্থাৎ কৰ’নাৰ প্ৰথম ঢৌত যি সমস্যাই দেখা দিছিল, সেই সমস্যা পুনৰ উভতি আহিছে ।
কৰ’না অতিমাৰীৰ প্ৰথম ঢৌত দেশজুৰি তলাবন্ধ ঘোষণা কৰা হৈছিল । সেই সময়ৰ নিবনুৱাৰ হাৰতকৈ এইবাৰৰ হাৰ অধিক হ’ব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । শীঘ্ৰে এই সমস্যাৰ সমাধান নকৰিলে ভাৰতে নিবনুৱা বৃদ্ধিৰ পৰিমাণটো অভিলেখ ভংগ কৰিব বুলি শংকা কৰিছে তেওঁলোকে ।