জনীয়াৰ চৌধুৰী বজাৰত ভয়ংকৰ পথ দূৰ্ঘটনা

কথমপি প্ৰাণ ৰক্ষা দুটি শিশুসহ কে'বাজনৰ, ডাম্পাৰ টেক্টৰৰ-দৌৰাত্ম্যত অতিষ্ঠ ৰাইজ

WhatsApp Image 2021 05 06 at 7.04.45 PM

বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ সমীপত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । AS 01 HC 5234 নম্বৰৰ বালি মাটি ভৰ্তি ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰাই চৌধুৰী বজাৰ নিবাসী যতিশ চন্দ্ৰ বসাকৰ ঘৰত বাগৰি পৰে আৰু যথেষ্ট পৰিমাণৰ ক্ষতি হয় । ইটাৰ থাকত লাগি ডাম্পাৰখনৰ গতি ৰোধ হোৱাৰ বাবে কথমপি যতিশ চন্দ্ৰ বসাকৰ ঘৰৰ দুটি শিশুৰ লগতে কে’বাজনৰো প্ৰাণৰক্ষা পৰে।

দীৰ্ঘদিনৰ পৰাই জনীয়াৰ চৌধুৰী বজাৰ চুনপুৰা হাজীপাৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত দিনে-নিশাই অবৈধ বালি খনন চলিছে । তীব্ৰ বেগী ডাম্পাৰখন বৰপেটা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

দিনে-নিশাই ডাম্পাৰ ট্ৰেক্টৰ চলি থকাৰ ফলত তীব্ৰ শব্দ প্ৰদূষণৰ বাবে পথৰ কাষৰ ছাত্ৰ-ছাত্ৰীৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে সাধাৰণ ৰাইজৰ নিদ্ৰা ক্ষতি হৈছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ বন বিভাগৰ বৰপেটাৰোড বন উপ-সংমণ্ডল আৰু ৰঙীয়া বন সংমণ্ডলে অতিষ্ঠ ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ।

শীঘ্ৰেই ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ বন বিভাগৰ লগতে বৰপেটা জিলা প্ৰশাসনক আহ্বান জনাইছে। অৱশ্যে বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version