শিশুকো আক্রান্ত কৰিব কৰ’নাৰ তৃতীয়টো ঢৌৱে : সকীয়নি বিশেষজ্ঞৰ

orphan

কৰ’নাৰ দ্বিতীয় টৌৰ ত্ৰাস মাৰ নৌযাওঁতেই প্রকট হ’ল এই মাৰাত্মক ভাইৰাছৰ তৃতীয় সংক্রমণৰ সম্ভাৱনা। গৱেষকসকলে ইতিমধ্যে সকীয়নি দি কৈছে যে অহা জুন-জুলাইত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ সৃষ্টি হােৱাৰ শংকা আছে।

এইবাৰ ক’ভিড বিশেষজ্ঞই শংকা প্রকাশ কৰি কলে যে ভাৰতত ক’ভিডৰ তৃতীয় সংক্রমণ ঘটিলে ই শিশুসকলক আক্রান্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ক’ভিডৰ প্ৰথম সংক্ৰমণত শিশুসকল প্ৰভাৱিত হােৱা নাছিল।

কিন্তু সংক্রমণৰ দ্বিতীয় টৌত ভাৰতত কিছুসংখ্যক শিশুৰ শৰীৰত ক’ভিড সংক্রমণ ধৰা পৰিছে। বিশেষজ্ঞ মতে, ক’ভিডৰ তৃতীয়টো সংক্রমণত ভাৰতত শিশুসকল অধিক প্ৰভাৱিত হােৱাৰ শংকা আছে।

সেয়েহে চৰকাৰক এই ক্ষেত্ৰত সম্পূর্ণ সতর্ক আৰু সাজু হ’বলৈ পৰামর্শ দিলে স্বাস্থ্য গৱেষকে। প্রকাশিত বাতৰি অনুসৰি মহাৰাষ্ট্র চৰকাৰে ইয়াৰ বাবে প্রস্তুতি পর্ব আৰম্ভ কৰিছে।

বৃহনমুম্বাই পৌৰ নিগম (বি এম চি)-এ ইতিমধ্যে সম্ভাব্য তৃতীয় ঢৌৰ সংক্ৰমণত শিশুসকলক প্রয়ােজনীয় স্বাস্থ্য সেৱা প্ৰদানৰ বাবে আন্তঃগাঁথনি নির্মাণত গুৰুত্ব দিছে। বি এম চিৰ বিষয়াই প্রকাশ কৰা মতে, ১২ বছৰৰ কম বয়সৰ শিশুৰ বাবে ক’ভিড ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।

আৰু প্রাথমিকভাৱে ৭০০ শয্যা ৰখা হ’ব। তদুপৰি নৱজাতকৰ বাবেও বিশেষ ইউনিটৰ ব্যৱস্থা কৰা হ’ব।

Exit mobile version