ডিআৰডিঅ’ই প্ৰস্তুত কৰা ঔষধে হ্ৰাস কৰিব অক্সিজেন নিৰ্ভৰতা, দাবী ‌সংস্থাৰ

drdo 660 080521040616

কৰ’না আক্ৰান্ত ৰোগীৰ অক্সিজেনৰ নিৰ্ভৰতা হ্ৰাস কৰিব ডিআৰডিঅ’ই প্ৰস্তুত কৰা নতুন ঔষধে । ‘২ডিজি’ নামে এই ঔষধটো পাউডাৰৰ দৰে, ইয়াক পানীত মিহলাই সেৱন কৰিব লাগে । ইতিমধ্যে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক সংস্থাই জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে ২ডিজি-ক অনুমোদন পত্ৰ প্ৰদান কৰিছে । আগন্তুক কেইমাহৰ ভিতৰতে আক্ৰান্তসকলৰ বাবে উপলব্ধ হ’ব ঔষধবিধ । ডিআৰডিঅ’ৰ অধিকৰ্তা আৰু বিজ্ঞানী সুধীৰ চন্দনাই জনায়, এই ঔষধে বিভিন্ন দিশৰ পৰা পৰিত্ৰাণ দিব ।

শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ২০২০ৰ এপ্ৰিলত এই ঔষধৰ গৱেষণা আৰম্ভ কৰা হয় । বিজ্ঞানীসকলে দেখে যে, শৰীৰত কৰ’না বিয়পি পৰাত বহুলাংশে বাধা আৰোপ কৰে ঔষধবিধে । ইয়াৰ পাছতেই ঔষধ নিয়ন্ত্ৰক সংস্থাৰ পৰা ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমতি বিচৰা হয় । ২০২০ৰ মে’ত পৰীক্ষণ আৰম্ভ হয় । ২০২০ৰ শেষৰ ফালে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হয় । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত আশাপ্ৰদ ফল লাভ কৰে । মজলীয়া আৰু অত্যধিক উপসৰ্গৰ আক্ৰান্তসকলৰ ওপৰত ঔষধৰ পৰীক্ষণ কৰা হৈছিল । ঔষধৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া পৰিলক্ষিত নহয় । গুৰুত্বপূৰ্ণ যে, ঔষধবিধে আক্ৰান্তসকলৰ অক্সিজেন নিৰ্ভৰতা বহু পৰিমাণে হ্ৰাস কৰে ।

সুধীৰে জনায়, ঔষবিধক গ্লুক’জৰ দৰে পানীত মিহলি কৰি সেৱন কৰিব লাগে । ই শৰীৰৰ বিভিন্ন অংগত বিয়পি সংক্ৰমণ হ্ৰাস কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । ফলত কৃত্ৰিমভাৱে অক্সিজেনৰ ওপৰত আক্ৰান্তৰ নিৰ্ভৰতা বহু পৰিমাণে কমি যায় ।

ডাক্টৰ ৰেড্ডিজ লেবৰ স’তে যৌথভাৱে ঔষধ প্ৰস্তুত কৰে ডিআৰডিঅ’ই । এই সংস্থাৰ স’তে ঔষধৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত আগন্তুক এমাহৰ ভিতৰত ৰোগীসকলৰ বাবে এই ঔষধ বজাৰত উপলব্ধ হ’ব বুলিও তেওঁ জনায় ।

Exit mobile version