দিল্লীৰ গুৰুদ্বাৰাৰ কৰ’না আক্ৰান্তসকলৰ বাবে দুই কোটি টকাৰ সাহাৰ্য্য অমিতাভৰ

raavan uk film premiere red carpet arrivals

সমগ্ৰ দেশতে কৰ’না ভাইৰাছৰ সংকট। এই পৰিস্থিতিত, বহুতো চেলিব্ৰিটি সাধাৰণ মানুহৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে। এইবাৰ সহায়ৰ হাত আগ বঢ়াইছে জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে ।

বিগ বিয়ে দিল্লীৰ ৰাকাব গঞ্জ গুৰুদ্বাৰাৰ ক’ভিড-কেয়াৰ ফাণ্ডলৈ আগবঢ়াইছে দুই কোটি টকা । সমিতিখনে সোমবাৰৰ পৰা কাম কৰা আৰম্ভ কৰিব। অমিতাভৰ এই অনুদানৰ কথা দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছাই জানিবলৈ দিয়ে।

চিৰছাই কয়, “যেতিয়া দিল্লীত অক্সিজেনৰ অভাৱ হৈছিল, অমিতাভ বচ্চনে মোক ফোন কৰে আৰু সুধিছিল যে আমাৰ কাম কিমান আগবাঢ়িছে।” এই ৰাকাব গঞ্জ গুৰুদ্বাৰা সোমবাৰৰ পৰা মুকলি হৈছে।

ইয়াত ৩০০ খন বিচনা, অক্সিজেন পাত্ৰ, চিকিৎসক, পেৰামেডিক্স আৰু এম্বুলেন্স সেৱা থাকিব। ইয়ালৈ অহা ৰোগীসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব।

Exit mobile version