ভাৰতৰ সমগ্ৰ দেশবাসীৰ টিকাকৰণেই কৰ’নাক প্ৰতিৰোধ কৰিব, পৰামৰ্শ আমেৰিকাৰ ভাইৰ’লজিষ্টৰ

ভাৰতৰ প্ৰত্যেককে প্ৰতিষেধক প্ৰদান কৰিব লাগিব । দীৰ্ঘম্যাদী এই পদক্ষেপেই দেশক ৰক্ষা কৰিব কৰ’না ভাইৰাছৰ আক্ৰমণৰ পৰা । এই অভিমত আমেৰিকাৰ অন্যতম জনস্বাস্থ্য বিশেষজ্ঞ আৰু ভাইৰ’লজিষ্ট এণ্টনি ফ’চিৰ ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰধান উপদেষ্টা এণ্টনিৰ অনুসৰি, সম্প্ৰতি ভাৰতে টিকাকৰণতে অধিক গুৰুত্ব আৰোপ কৰা উচিত । প্ৰয়োজনত দেশীয় উৎপাদনৰ উপৰতে নিৰ্ভৰশীল হৈ নাথাকি বিদেশৰ পৰাও প্ৰতিষেধক আমদানি কৰিব লাগে ভাৰতে ।

আমেৰিকাৰ এক সংস্থাক দিয়া সাক্ষাৎকাৰত ভাৰতৰ কৰ’না ৰোগীৰ বাবে বিছনা আৰু অক্সিজেনৰ নাটনিৰ বিষয়েও মন্তব্য কৰে এণ্টনিয়ে । তেওঁ কয়, ‘মানুহক অক্সিজেন দিব নোৱাৰা অতি দুখজনক ।’

ভাৰতৰ বিছনাৰ অভাৱৰ বিষয়ত তেওঁৰ পৰামৰ্শ, ‘ভাৰতে অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰিব লাগে ।’ মাৰ্কিন বিশেষজ্ঞৰ মতে, ‘বিগত বৰ্ষত চীনে এই পন্থাই অৱলম্বন কৰিছিল । ৰোগীক হাস্পতালৰ বাহিৰত পেলাই ৰখা উচিত ‌নহয় ।’

৮০ বছৰীয়া ভাইৰ’লজিষ্টজন বাইডেনৰ স্বাস্থ্য বিষয়ক উপদেষ্টা বিভাগৰ ‌প্ৰধান । ভাৰতৰ ক’ভিড সংক্ৰমণৰ ধাৰাবাহিকতি ৰোধ কৰিবৰ বাবে তলাবন্ধ‌ই একমাত্ৰ কাৰ্যকৰী উপায় বুলিও তেওঁ মত প্ৰকাশ কৰে । অৱশ্যে দীৰ্ঘম্যাদী হিচাপে সকলো দেশবাসীক টিকাকৰণেই কৰ’নাৰ পৰা ৰক্ষা কৰিব পাৰে বুলি তেওঁ দাবী কৰে ।

Exit mobile version