পুনৰ উত্তপ্ত গাজা, উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

118453471 gettyimages 1232810997

সোমবাৰৰ পৰা মংগলবাৰলৈকে অব্যাহত আছে সংঘৰ্ষ । ইজৰাইল অধিকৃত গাজা ভূখণ্ড আৰু জেৰুজালেমৰ একাংশত হঠাৎ আক্ৰমণ চলাইছিল পাকিস্তানী সন্ত্ৰাসবাদীয়ে । ইজৰায়েলি সেনাৰ মতে, সিমূৰৰ পৰা শ শ ৰকেট নিক্ষেপ কৰা হৈছে । বিশেষ প্ৰতিৰক্ষা ব্যৱস্থাৰ সহায়ত ৰকেটৰ অভিমুখ ঘূৰাই বহু ক্ষয়-ক্ষতি ৰোধ কৰা হৈছে । প্ৰত্যুত্তৰ দিছে ইজৰায়েলেও । মংগলবাৰে পুৱাও এই সংঘৰ্ষ চলি আছিল । হাস্পতালৰ সূত্ৰ অনুসৰি, এই দুদিনীয়া সংঘৰ্ষত প্ৰায় ২৬ জন পেলেষ্টাইন নিহত হৈছে । সোমবাৰে ২০ জনৰ মৃত্যু হয় । ইয়াৰ ভিতৰত ন জন শিশু ।

ইজৰায়েলি সেনাৰ দাবী, তেওঁলোকে আক্ৰমণকাৰী হামাছ সন্ত্ৰাসবাদীসকলক লক্ষ্য কৰি আক্ৰমণ কৰিছে । ইজৰায়েলি চৰকাৰৰ মতে, ২০১৪ৰ যুদ্ধৰ পাছত বৃহৎ আক্ৰমণ সংঘটিত নহয় । ইজৰায়েলিৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতানিয়াহুৰ অনুসৰি, ‘ৰঙা সীমা’ অতিক্ৰম কৰিছে সন্ত্ৰাসবাদীসকলে ।

দুপক্ষৰ সংঘৰ্ষত আতংকিত গাজাবাসীয়ে সেই নিশাই গৃহ ত্যাগ কৰি নিৰাপদ আশ্ৰয়ৰ সন্ধানত ওলাই পৰে । পেলেষ্টাইন সন্ত্ৰাসগোষ্ঠী হামাছে আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে । তেওঁলোকে জনায় যে, ইজৰায়েলিৰ দমন, উৎপীড়নৰ প্ৰত্যুত্তৰ দিবৰ বাবেই আক্ৰমণ কৰিছে ।

সম্পূৰ্ণ বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই । আজি ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ৰুপাৰ্ট ক’লভিলে কয়, ‘সকলো ধৰণৰ সন্ত্ৰাস বা সন্ত্ৰাসৰ উচতনিক গৰিহণা দিছো ।’ ইজৰাইল চৰকাৰক তেওঁ কয়, ‘সেই অঞ্চলটোৰ বাসিন্দাসকলক বাক্ স্বাধীনতা, সমবেত, জনসভাৰ অধিকাৰ দিব লাগিব ইজৰাইলে ।’

তেওঁ লগতে কয়, ‘শান্তিপ্ৰিয় বাসিন্দাসকলৰ ওপৰত দমন, উৎপীড়ন চলোৱা উচিত নহয় । কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে লক্ষ্য ৰাখিব লাগিব যাতে মানৱ অধিকাৰ খৰ্ব নহয় ।’ নেতানিয়াহুক সহযোগ কৰি উত্তেজনা হ্ৰাস কৰিবৰ বাবে দুপক্ষকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় আমেৰিকাই ।

 

Exit mobile version