দিল্লীৰ মুখ্যমন্ত্ৰীক লৈ ধেমালি কৰি শত্রুঘ্নই টুইটত কি ক’লে ?

Shatrughan Sinha and Ranveer Singh

বলিউড অভিনেতা শত্রুঘ্ন সিনহা সম্প্রতি ৰাজনীতিত অধিক সক্রিয়। সামাজিক মাধ্যমত যথেষ্ট সক্রিয়তা প্রদর্শন কৰি অহা শত্রুঘ্নই শেহতীয়াভাৱে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক লৈ কৰা এক ধেমালিয়ে বিশেষ চর্চা লাভ কৰিছে ।

টুইটাৰত এক টুইটত জনপ্রিয় অভিনেতাজনে এইদৰে কয়, ‘মই সন্মানসহকাৰে এই কথা কওঁ যে মােৰ বন্ধু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যাতে এই মন্তব্যক এক ধেমালি বুলি গ্রহণ কৰে। মই এটা কথা লক্ষ্য কৰিছাে যে যেতিয়াৰে পৰা কৰ’নাৰ আগমন হ’ল, কেজৰিৱালে মিছাকৈও এবাৰৰ কাহ মৰা নাই।’ শত্রুঘ্নৰ এই টুইট সম্প্রতি যথেষ্ট ভাইৰেল হৈছে।

উল্লেখ্য যে এসময়ত কেজৰিৱালে প্রায় চর্দি-কাহত আক্রান্ত হােৱা প্রত্যক্ষ হৈছিল আৰু দিল্লীৰ মুখ্যমন্ত্রীজনে প্রায়ে ডিঙিত মাফলাৰ ব্যৱহাৰ কৰিছিল। কিন্তু কৰ’নাৰ আগমনৰ পাছৰ পৰা কেজৰিৱালে মাফলাৰ ব্যৱহাৰ কৰা দৃষ্টিগােচৰ হােৱা নাই। এই প্রসংগতে শত্রুঘ্নই ধেমালিৰ চলেৰে দিল্লীৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰিলে।

Exit mobile version