বিশ্বসুন্দৰী প্ৰতিযােগিতাৰ মঞ্চত সেনাশাসনৰ প্রতিবাদ প্রতিযােগীৰ

সকলােকে ম্যানমাৰৰ হৈ মাত মাতিবলৈ আহ্বান জনালে সুন্দৰীয়ে

1317889248 1621223577770 1621223591591

যােৱা ফেব্ৰুৱাৰীত সেনা অভ্যুত্থানৰ পাছৰে পৰা পৰিস্থিতি জুলন্ত হৈ আছে ম্যানমাৰৰ। প্রতিদিনে দেশখনৰ পৰিস্থিতি ক্রমাৎ জটিল হৈ আহিছে । গণতন্ত্রকামীসকলৰ বিক্ষোভৰ পাছত এইবাৰ বার্মিজ সেনাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিছে।

কে’বাটাও বিচ্ছিন্নতাবাদী সশস্ত্র সংগঠনে। কে’বাটাও বিদ্রোহী সংগঠনে সামৰিক জুন্টাৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রামৰাে আহ্বান জনাইছে। এনে পৰিস্থিতিত আন্তর্জাতিক মঞ্চৰ দৃষ্টি আকর্ষণ কৰাৰ বাবে ‘মিছ ইউনিভাৰ্ছ’ প্রতিযােগিতাৰ মঞ্চত প্রতিবাদ সাব্যস্ত কৰিলে ম্যানমাৰৰ সুন্দৰী থুজাৰ উইণ্ট লুইনে।

দেওবাৰে ফ্ল’ৰিডাত বিশ্ব সুন্দৰী প্রতিযােগিতা অনুষ্ঠিত হয়। এই সৌন্দর্য প্রতিযােগিতাতে বার্মিজ জুন্টাৰ বিৰুদ্ধে প্রতিবাদত সৰৱ হয় ম্যানমাৰৰ প্রতিযােগী লুইন। তেওঁ মঞ্চত উঠাৰ সময়ত হাতত আছিল এখন সৰু বেনাৰ।

তাত লিখা আছিল, ‘প্রে’ ফৰ ম্যানমাৰ’ অর্থাৎ ‘ম্যানমাৰৰ বাবে প্রার্থনা কৰক। ফ্ল’ৰিডাৰ পৰাই এক ভিডিঅ’বার্তাত সুন্দৰীগৰাকীয়ে কয়, ‘সেনাবাহিনীৰ গুলিত প্রতিদিনে আমাৰ মানুহৰ মৃত্যু হৈছে।

সকলােৰে প্রতি মােৰ অনুৰােধ,আপােনালােকে ম্যানমাৰৰ হকে মাত মাতক।মই যিমানখিনি পাৰাে প্রতিবাদ কৰিছাে । উল্লেখ্য যে মিছ ইউনিভাৰ্ছ প্রতিযােগিতাৰ শেষ পবলৈ যাব নােৱাৰিলেও লুইনে “বেষ্ট নেচনেল কষ্টিউম’ৰ বঁটা লাভ কৰে।

ইয়াৰ পূর্বে দেশৰ দুর্দিনত গ্লেমাৰ জগতক বিদায় দি হাতত বন্দুক তুলি লৈছিল ম্যানমাৰৰ আন এগৰাকী সুন্দৰী টাৰ টেট টেটে। বিশ্লেষকৰ মতে, ম্যানমাৰত সেনা শাসকসকলৰ অত্যাচাৰৰ ক্ৰমাৎ বৃদ্ধি পাই আছে।

আন্তর্জাতিক মঞ্চৰ চাপ উপেক্ষা কৰি একপ্রকাৰৰ স্বৈৰাচাৰী শাসন চলাই আছে। বার্মিজ সেনাবাহিনীয়ে। উল্লেখ্য যে যােৱা পহিলা ফেব্ৰুৱাৰীত নির্বাচনত খেলিমেলিৰ অভিযােগ আনি দেশখনৰ গণতান্ত্রিক চৰকাৰক আঁতৰাই ম্যানমাৰৰ শাসন নিজৰ হাতলৈ নিয়ে টাটামাদাও বা বার্মিজ সেনাই।

বন্দী কৰা হয় কাউন্সিলৰ আং ছান ছু কি-সহ নির্বাচিত চৰকাৰৰ শীর্ষ নেতাসকলক। তাৰ পাছৰ পৰাই দেশখনত গণতন্ত্রৰ দাবীত তুমুল বিক্ষোভ অব্যাহত আছে। ইয়াৰ প্রত্যুত্তৰত সামৰিক বাহিনীয়েও অভিযান আৰম্ভ কৰিছে।

এই পর্যন্ত সেনাৰ গুলিত নিহত হৈছে প্রায় আঠশ গণতন্ত্রকামী লােক। ইফালে, ম্যানমাৰত গৃহযুদ্ধৰ আশংকাও ক্রমাৎ বৃদ্ধি পাইছে। ম্যানমাৰৰ ভিতৰুৱা অঞ্চলত গেৰিলা বাহিনীসমূহে সেনাৰ বিৰুদ্ধে গােপন প্রতিৰােধ আৰম্ভ কৰিছে। ২০টাৰ অধিক সশস্ত্র সংগঠনাে জুন্টাৰ আচৰণৰ বিৰুদ্ধে গজি উঠিছে।

Exit mobile version