ক’ভিড এছঅ’পিৰ বাবে ক্ষতিৰ সন্মুখীন ৰাজ্যৰ কৃষকসকল

বাগসাত বিঘাই বিঘাই নষ্ট হৈছে পাচলি

WhatsApp Image 2021 05 19 at 6.37.32 PM

ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিনৰ ১১ বজাৰ পাছতে ঘোষণা কৰিছে কটকটীয়া বন্ধ ৷ যাৰ ফলত ১১ বজাৰ লগে লগে স্তব্ধ হৈ পৰিছে বজাৰ ৷

এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ কৃষকসকললৈ৷ কিয়নো ১১ বজাতে বজাৰ সমাৰ সকলো বন্ধ হোৱাৰ ফলত পাচলি কিনিবলৈ আহিব পৰা নাই দুৰ দুৰণিৰ ব্যৱসায়ীসকল ৷

ৰাজ্য চৰকাৰে ঘোষণা কৰা বন্ধৰ পৰিপ্ৰেক্ষিতত সাপ্তাহিক,অৰ্ধ সাপ্তাহিক কিম্বা দৈনিক বজাৰ সমুহতো বিক্ৰী কৰিবলৈ পৰা নাই কপালৰ ঘাম মাটিত পেলাই কৰা বিভিন্ন শস্য,পাচলি আদি ৷

যাৰ বাবে খেতি পথাৰতে নষ্ট হ’বলৈ ধৰিছে বিভিন্ন ধৰণৰ পাচলিসমূহ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাগসাৰ শালবাৰী, আনন্দ বজাৰ, খাৰিজা বিজনী,লাবদাংগুৰি,বাৰাপেটা, গোৱৰ্ধনা, খুচুৰাবাৰী, কালপানী, বাঁহবাৰী, ভকুৱামাৰী, কুৰিবল আদি বিভিন্ন অঞ্চলত বিঘাই বিঘাই নষ্ট হ’বলৈ ধৰিছে তিয়ঁহ,জিকা, ভোল,কোমোৰা, জলকীয়া, বেঙেনা, আদি কৰি বিভিন্ন পাচলি ৷

যাৰ বাবে এতিয়া মুৰে-কপালে হাত দিবলৈ বাধ্য হৈছে কৃষকসকল ৷ এইক্ষেত্ৰত দুৰ্ভগীয়া কৃষকসকলে চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগক কিছু সহায় সহযোগিতা আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে ৷

Exit mobile version