সম্পত্তি বৃদ্ধিৰ প্ৰতিযােগিতা : আদানী গ্রুপৰ ছয়টা কোম্পানীৰ শ্বেয়াৰৰ মূল্য বিগত এবছৰত যথেষ্ট বৃদ্ধি

বিপদত আম্বানী : এছিয়াৰ সবাতােকৈ ধনাঢ্য হােৱাৰ পথত আদানী

ambani adani

এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ স্বীকৃতি এই মুহূর্তত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীয়ে লাভ কৰিছে।

কিন্তু অচিৰে এছিয়াৰ দ্বিতীয়জন ধনী ব্যক্তি হিচাপে স্বীকৃত উদ্যোগপতি গৌতম আদানীয়ে আম্বানীক স্থানচ্যুত কৰাৰ শংকা প্রকট হৈছে ।

এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ খিতাপ আম্বানীৰ পৰা আঁজুৰি আনিব পাৰে আদানীয়ে। ইয়াৰ কাৰণ হৈছে চলিত বৰ্ষত যথেষ্ট দ্রুতগতিৰে আদানীৰ সম্পত্তি বৃদ্ধি পাবলৈ ধৰিছে ।

২০২১ত দ্রুতগতিৰে সম্পত্তি বৃদ্ধিৰ প্রতিযােগিতাত আম্বানীৰ স’তে অৱতীৰ্ণ হােৱা আদানীৰ মুঠ সম্পত্তি বর্তমানে ৰিলায়েন্সৰ মুৰব্বীৰ তুলনাত মাত্র ১০ বিলিয়ন ডলাৰ কম।

আদানীৰ সম্পত্তি যথেষ্ট দ্রুতগতিত বৃদ্ধি পােৱাৰ বিপৰীতে চলিত বৰ্ষত আম্বানীৰ সম্পত্তিৰ বৃদ্ধিৰ গতি সিমান দ্রুত হােৱা নাই।

ব্লুমবর্গ বিলিয়নেৰ ইনডেক্সৰ পৰিসংখ্যা অনুসৰি,বর্তমানে গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬৬.৫ বিলিয়ন ডলাৰ। আনহাতে, আম্বানীৰ হাতত থকা সম্পত্তিৰ বর্তমান মূল্য হৈছে ৭৬.৫ বিলিয়ন ডলাৰ।

আদানী এই সময়ত দেশ আৰু এছিয়াই দ্বিতীয়জন ধনাঢ্য ব্যক্তি। আদানী গ্রুপৰ ছয়টা কোম্পানীৰ শ্বেয়াৰ বজাৰত সূচীভুক্ত হৈ আছে । আদানী পৰ্ট, আদানী এণ্টাৰপ্ৰাইজেছ, আদানী গেছ, আদানী পাৱাৰ, আদানী ট্রান্সমিচন আৰু আদানী গ্রীণ এনার্জীৰ শ্বেয়াৰৰ মূল্য বিগত এবছৰত যথেষ্ট বৃদ্ধি পাইছে।

বর্তমানে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান হৈছে ১৩ সংখ্যক। আনহাতে, এই তালিকাত ১৪ সংখ্যক স্থানত আছে আদানী।

আদানীৰ সম্পত্তি বৃদ্ধিৰ গতি বৰ্তমানৰ হাৰত অব্যাহত থাকিলে অচিৰে এইজন ভাৰতীয় ধনাঢ্য ব্যক্তিয়ে আম্বানীক অতিক্ৰম কৰি দেশ আৰু এছিয়াৰ সবাতােকৈ ধনী ব্যক্তি হিচাপে স্বীকৃত হােৱাৰ সম্ভাৱনা আছে ।

Exit mobile version