সমগ্র দেশতে কৰ’নাত অসংখ্য লােকৰ মৃত্যু হৈছে । গুজৰাটৰ আহমেদাবাদতাে অগণন লােক প্রতিদিনে ক’ভিড-১৯ত আক্রান্ত হৈ আহিছে । ৰােগীৰ সংখ্যা ইমানে বৃদ্ধি পাইছে যে প্ৰায়বােৰ চিকিৎসালয়তে শয্যাৰ অভাৱ ঘটিছে।
ক’ভিড কালত আহমেদাবাদৰ এজন যুৱকে ‘পিএম কেয়ার্ড’ পুঁজিলৈ আঢ়ৈ লাখ টকা দান দিছিল । কিন্তু এইজন যুৱকৰ মাতৃয়ে অলপতে চিকিৎসা অবিহনে অতি কৰুণভাৱে মৃত্যুবৰণ কৰিলে।
আহমেদাবাদৰ বিজয় পাৰিখ নামৰ যুৱকজনে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ ব্যক্ত কৰি কয় যে ক’ভিড কালত তেওঁ প্রধানমন্ত্রীৰ সাহায্য পুঁজিলৈ ২.৫ লাখ টকা দান দিছিল।
কিন্তু কৰ’নাত আক্রান্ত হােৱা মাতৃৰ চিকিৎসাৰ বাবে তেওঁ হাস্পতালত শয্যা এখন লাভ কৰিব নােৱৰাত মাতৃয়ে মৃত্যুক সাবটি লয়। টুইটাৰত এইদৰে ক্ষোভ ব্যক্ত কৰি পাৰিখে কয়, ‘২.৫১ লাখ টকা দান কৰিও মােৰ প্রয়াত মাতৃৰ বাবে চিকিৎসালয়ত এখন বিছনা যােগাৰ কৰিব নােৱাৰিলাে ।’
https://twitter.com/VeejayParikh/status/1396834006897815562?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1396834006897815562%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.indiatimes.com%2Ftrending%2Fhuman-interest%2Fman-donated-lakhs-pm-cares-couldnt-find-hospital-bed-mother-541151.html
অনুগ্রহ কৰি মােক পৰামর্শ দিয়কচোন তৃতীয় ঢৌৰ বাবে চিকিৎসালয়ত শয্যা লাভ কৰিবলৈ আৰু কিমান ধন দান কৰিব লাগিব ? যাতে মই পৰিয়ালৰ আন সদস্যক হেৰুৱাবলগা নহয়।
উল্লেখ্য যে পাৰিখে যােৱা বছৰৰ জুলাইত পিএম কেয়াৰ্ছ পুঁজিলৈ ২.৫১ লাখ টকা দান দিছিল। পাৰিখে তেওঁৰ এই টুইট প্রধানমন্ত্রী কার্যালয়, ৰাজনাথ সিং, আৰ এছ এছ আৰু স্মৃতি ইৰানীকো টেগ কৰিছে।