জেফ বেজ’ছ, এলন মাস্কক অতিক্রম কৰি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ স্বীকৃতি লাভ কৰিলে ফৰাচী অর্বুদপতি বেৰাণ্ড আৰ্নল্টে ।
ফ’বছ ৰিয়েল-টাইম বিলিয়নেৰ তালিকাৰ তথ্য অনুসৰি এই মুহূৰ্তত ফ্ৰান্সৰ এইজন ব্যৱসায়ী ৰােণ্ড আর্নল্ট এণ্ড ফেমিলিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৮৬.৩ বিলিয়ন ডলাৰ।
বিগত কে’বা মাহত আর্নল্টে ৫৩৮ নিযুত ডলাৰ ব্যয় কৰি নিজৰ ব্ৰেণ্ডৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। চলিত বছৰৰ প্রথম তিনি মাহত ১৪ বিলিয়ন ইউৰ উপাৰ্জনৰ জৰিয়তে স্পেচ এক্সৰ স্বত্বাধিকাৰী এলন মাস্কক অতিক্রম কৰি বিশ্বৰ দ্বিতীয় ধনাঢ্য ব্যক্তিৰ স্বীকৃতি লাভ কৰিছিল আর্নল্টে।
পৰিসংখ্যা অনুসৰি, ২০২০ৰ প্ৰথম তিনিমাহৰ তুলনাত ২০২১ৰ একে সময়ছােৱাত আর্নল্টে ৩২ গুণ অধিক ধন উপার্জন কৰিলে।
১৮৬.৩ বিলিয়ন ডলাৰৰ সম্পত্তি অর্জনৰ জৰিয়তে আনল্টে ধনাঢ্য ব্যক্তিৰ তালিকাত এমেজনৰ মুৰব্বী জেফ বেজ’ছক স্থানচ্যুত কৰি শীর্ষস্থান দখল কৰিলে। বর্তমানে বেজ’ছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৮৬ বিলিয়ন ডলাৰ। আনহাতে, এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৪৭.৩ বিলিয়ন ডলাৰ।