ধূমপানে ক’ভিডত মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি কৰে, সতৰ্ক কৰিলে হু-ৰ প্ৰধানে

iStock 938353306

ধূমপানৰ পৰা বিৰত থাকক । কাৰণ, ধূমপানে বহু জটিল ৰোগ আৰু ক’ভিড মৃত্যুৰ প্ৰৱণতা ৫০ শতাংশ বৃদ্ধি কৰে । ‘কমিট টু কুইট’ ধপাত বিৰোধী প্ৰচাৰত এই সতৰ্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্ৰধান টেড্ৰছ এডনম গেব্ৰেয়িছাছে ।

হু-ৰ প্ৰধানজনে কয়, ‘দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা আৰু ক’ভিড মৃত্যুৰ ৫০ শতাংশ সম্ভৱনা বাঢ়ে ধূমপায়ীসকলৰ । সেয়ে ক’ভিডত মৃত্যুৰ সংশয় হ্ৰাস কৰিবৰ বাবে ধূমপান কৰাৰ পৰা বিৰত থাকিব লাগে ।’

তেওঁ লগতে কয় যে, কেৱল ক’ভিডে নহয়, ধূমপান নকৰিলে কৰ্কট ৰোগ, হৃদৰোগ আৰু হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমে ।

সেয়ে বিশ্বৰ সকলো দেশকে হু-এ এই প্ৰচাৰ কাৰ্যত যোগ দি ধপাতমুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ আবেদন জনায় । ধূমপানে স্বাস্থ্যৰ কিমান ক্ষতি কৰে সেই বাৰ্তা মানুহক জনাবলৈ আহ্বান জনায় হু-ৰ প্ৰধানে ।

প্ৰয়োজনত হোৱাটছ‌এপ, ফেচবুক, ভাইবাৰ, উইচেটৰ দৰে সকলো সামাজিক মাধ্যমৰ জৰিয়তে সতৰ্কবাৰ্তা প্ৰেৰণ কৰিবব বাবে সচেষ্ট হ’বলৈ কয় টেড্ৰছে ।

Exit mobile version