ক’ভিডত হোৱা দৈনিক মৃত্যুৰ সংখ্যা শূণ্যত নামিল ব্ৰিটেইনত । বিগত বৰ্ষৰ জুলাইৰ পাছত মংগলবাৰে প্ৰথম কৰ’নাৰ ফলত কোনো লোকে প্ৰাণ হেৰুৱা নাই দেশখনত । সোমবাৰে ব্ৰিটেইনত মাত্ৰ এজন ক’ভিড ৰোগীৰ মৃত্যু হয় । অৱশ্যে দেশখনত বিগত কিছু সপ্তাহৰ তুলনাত দৈনিক আক্ৰান্তৰ হাৰ বৃদ্ধি হৈছে ।
জন্স হপকিন্সে দিয়া তথ্য অনুসৰি, ব্ৰিটেইনত ইতিমধ্যে ৪৫ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে । দেশখনৰ চৰকাৰী তথ্য অনুসৰি, ইয়াৰে এক লাখ ২৭ হেজাৰ ৭৮২ জন লোকৰ মৃত্যু হৈছিল অতিমাৰী আৰম্ভণিৰ প্ৰায় এমাহৰ ভিতৰতে । বিগত বৰ্ষত অতিমাৰী আৰম্ভ হোৱাৰ সময়ত ইউৰোপৰ দেশসমূহৰ ভিতৰত মৃত্যুৰ সংখ্যাত সৰ্ব্বপ্ৰথমে ব্ৰিটেইনে আছিল ।
মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাৰ সন্দৰ্ভত ব্ৰিটেইনৰ স্বাস্থ্য সচিব মেট হেনককে মংগলবাৰে কয়, ‘নিঃসন্দেহে খুব ভাল খবৰ ।’ ডিচেম্বৰত আৰম্ভ হোৱা টিকাকৰণ যে কাৰ্যকৰী হৈছে তেওঁ সেই বিষয়েও উল্লেখ কৰে ।
লগতে সচিবগৰাকীয়ে কৰ’নাৰ নতুন প্ৰজাতিৰ ফলত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈও সতৰ্কবাণী দিয়ে । তেওঁ কয়, ‘আমি এতিয়াও ভাইৰাছক প্ৰতিহত কৰিব পৰা নাই ।’ সেয়ে জনসাধাৰণক চৰকাৰৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্যবিধি মানি চলিবলৈও অনুৰোধ জনায় ।
বিগত কিছুদিনত ব্ৰিটেইনত কৰ’না ভাইৰাছৰ ‘ডেল্টা প্ৰজাতি’ পোৱা গৈছে । এই প্ৰজাতিৰ প্ৰথম সন্ধান পোৱা গৈছিল ভাৰতত । বিগত এসপ্তাহত দেশখনত দৈনিক তিনি হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছিল । তৃতীয় ঢৌৰ সৃষ্টি নহ’বলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ইউৰোপীয় দেশখনে । সেয়ে ২১ জুনৰ পৰা সম্পূৰ্ণ বিধিনিষেধ উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল যদিও সিদ্ধান্ত সলনি কৰে প্ৰধানমন্ত্ৰী বৰিছ জনছনে । ইতিমধ্যে ব্ৰিটেইনৰ আঢ়ৈ কোটি লোকে দুপালিকৈ ক’ভিড প্ৰতিষেধক লাভ কৰিছে ।