কৰ’নাত আক্ৰান্ত হৈছিল, যাৰবাবে নিজগৃহতে আছুতীয়াকৈ থাকিবলগীয়া হৈছিল এগৰাকী মহিলাই। এটা কোঠাত তেওঁ অকলে থাকিবলৈ বাধ্য হ’ল।
পুত্র, বােৱাৰী, নাতি-নাতিনী আদি কোনেও তেওঁ থকা কোঠাটোত ভৰি দিয়া নাছিল। দুৱাৰমুখত খাদ্য-পানী আদি দি আঁতৰি গৈছিল। নিজে দাঙি আনি সেই খাদ্য খাবলগীয়া হৈছিল।
এইবােৰ কথা-কাণ্ডই বাৰুকৈয়ে আমনি দিছিল মহিলাক। এখন ভৰা সংসাৰ থকা সত্ত্বেও অকলশৰীয়াকৈ কটাবলগীয়া হােৱাত তেওঁৰ হয়তাে হিতাহিত জ্ঞানেই হেৰাই গৈছিল।
সেই বাবেই এদিন তেওঁ পােনেই গৈ বােৱাৰীয়েকৰ কাষত উপস্থিত হ’ল। মই মৰিলে তােমালােকে ভালে থাকিব বিচৰা? তােমাৰাে কৰ’না হওক। এই বুলিয়েই শাহুৱেকে বােৱাৰীয়েকক সাৱটি ধৰিলে।
এই ঘটনা টেলেংগানাৰ ৰজান্যা জিলাৰ থিমাপুৰ গাঁৱৰ। এই ঘটনাই স্বাভাৱিকতে সকলােকে অবাক কৰিছে। ২০ বছৰীয়া বােৱাৰীয়েকে সংবাদ মাধ্যমৰ আগত কয় যে কিছুদিন পূর্বে কৰ’নাত আক্রান্ত হােৱাৰ বাবে তেওঁলােকে শাহুৱেকৰ স’তে
নিৰাপদ দূৰত্ব মানি চলিছিল।
অথচৰ বিষয়টো হয়তাে শাহুৱেকৰ পছন্দ হােৱা নাছিল। সেইবাবেই তেওঁ বােৱাৰীয়েকক সাৱটি ধৰিছিল। এই ঘটনাৰ পাছতে অৱশ্যে পুত্ৰ আৰু বােৱাৰীয়েকে মহিলাগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে।
সম্প্রতি নিজৰ ভগ্নীৰ ঘৰত আশ্ৰয় লৈছে। মহিলাই। অৱশ্যে তেওঁৰ এক ইচ্ছা ইতিমধ্যে পূৰণ হৈছে। কিয়নাে দুদিনমানৰ পাছতে পৰীক্ষা কৰাত দেখা গ’ল যে বােৱাৰীয়েকো ইতিমধ্যে ক’ভিডত আক্রান্ত হৈছে।