চাৰি বছৰ দেশত পাঁচগুণ বৃদ্ধি পাইছে কৃষক আন্দোলন । ‘চেণ্টাৰ ফৰ ছাইন্স এণ্ড এনভায়ৰ’মেণ্ট’ (চিএছই)ৰ এই ৰিপ’ৰ্টে উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক চিন্তিত কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে ৰাজনীতিবিদসলে । কাৰণ কৃষক আন্দোলন আৰু কৃষকসকলৰ পুঞ্জীভূত ক্ষোভ নিঃসন্দেহে উত্তৰপ্ৰদেশৰ আসন্ন ভোটত অন্যতম বৃহৎ নিৰ্বাচনী বিষয় ।
এই থিংক টেংকটোৰ ৰিপ’ৰ্ট বা সমীক্ষাই যথেষ্ট মান্যতা পায় আহিছে । তেওঁলোকৰ সাম্প্ৰতিক সমীক্ষা অনুসৰি, ২০১৭ত ১৫ খন ৰাজ্যত ৩৪টা বৃহৎ কৃষক আন্দোলন হৈছিল । ইতিমধ্যে দেশত ১৬৫ টা বৃহৎ আন্দোলন হৈছে । কৃষি ক্ষেত্ৰক লৈ ২২খন ৰাজ্যত বিক্ষোভ হৈছে ।
কেন্দ্ৰৰ তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লী সীমান্তত কৃষকসকলৰ আন্দোলন ছমাহ পাৰ হৈ গৈছে । সম্প্ৰতি চিএছই-ৰ ৰিপ’ৰ্টক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে । উত্তৰপ্ৰদেশৰ বিৰোধী দলনেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয়, ‘কৃষকসকলে অৰ্থনৈতিকভাৱে আহত হৈছে । বিগত বৰ্ষত বিজেপি-ৰ কলা কৃষি আইনে সমগ্ৰ কৃষি অৰ্থনৈতিক ধ্বংস কৰিছে । কৃষকসকল কেন্দ্ৰৰ ওপৰত অত্যন্ত ক্ৰুদ্ধ আৰু আন্দোলনৰত কৃষকসকলে ঐক্য বিজেপিৰ অহংকাৰ গুড়ি কৰিব ।’
চিএছই-ৰ সমীক্ষা অনুসৰি, কেৱল তিনি কৃষি আইনক লৈয়ে ক্ষোভ নাই । উত্তৰপ্ৰদেশৰ ‘মিডলমেন’সকলে যিদৰে কৃষকসকলৰ লাভৰ শস্য কাঢ়ি বৃহৎ ব্যৱসায়ীসকলক বিক্ৰী কৰিছে, ঋণত ডুবাইছে কৃষকসকলক – এই সমস্যাবোৰে দীৰ্ঘদিন ধৰি হতাশ কৰিছে ক্ষুদ্ৰ কৃষকসকলক । মহাৰাষ্ট্ৰৰ লাগতে উত্তৰপ্ৰদেশটো কৃষক আত্মহত্যাৰ ঘটনা দেখা গৈছে ।
বিগত বৰ্ষত অৰ্থাৎ অতিমাৰীৰ মাজতেই দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে সমবেতভাৱে চাৰিবাৰ আন্দোলন কৰিছে, কৃষি পৰিকাঠামোৰ অভাৱ, বীজৰ মূল্য বৃদ্ধি, কৃষি ব্যৱস্থাৰ অভাৱ ইত্যাদি সমস্যাক কেন্দ্ৰ কৰি ।