হ্ৰাস পাইছে কৰ’নাক্ৰান্ত সংখ্যা, বিহাৰত প্ৰত্যাহাৰ তলাবন্ধ

842222 biharlockdown

হ্ৰাস পাইছে কৰ’নাক্ৰান্ত সংখ্যা । সেইবাবে বিহাৰত প্ৰত্যাহাৰ কৰা হ’ল তলাবন্ধ । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আঠ জুন মঙলবাৰে টুইট কৰিছিল যে তলাবন্ধৰ বাবে কৰ’না সংক্ৰমণ হ্ৰাস হৈছে । সেয়েহে, তলাবন্ধ উঠাই নৈশ কাৰফিউ অব্যাহত থাকিব।

সন্ধিয়া সাত বজাৰ পৰা পুৱা পাঁচ অব্যাহত থাকিব কাৰফিউ । ৫০ শতাংশ উপস্থিতি থকা ৰাজহুৱা আৰু ব্যক্তিগত কাৰ্যালয়সমূহ আবেলি চাৰি বজালৈকে খোলা থাকিব। দোকানসমূহ খোলা ৰখাৰ সময় সন্ধিয়া ৫.৫০ বজালৈ বৃদ্ধি কৰা হৈছিল।

ইয়াৰ বাহিৰেও তেওঁ কয় যে অনলাইন পঢ়া শুনা অব্যাহত থাকিব । বেচৰকাৰী আৰু ব্যক্তিগত বাহন চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব। এই ব্যৱস্থা পৰৱৰ্তী এসপ্তাহৰ বাবে কাৰ্যকৰী হ’ব। তথাপিও অত্যাধিক ভিৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Exit mobile version