দেশৰ বৃদ্ধিৰ হাৰ নিম্নগামী । খাবলৈ পোৱা নাই বহু মানুহে । অৰ্থনীতিৰ সূচক বৃদ্ধি হোৱা নাই । কিন্তু দিনক দিনে প্ৰধানমন্ত্ৰীৰ দাড়ি বাঢ়িছে । এই দৃশ্য আৰু সহ্য কৰিব নোৱাৰিলে মুম্বাইৰ এজন চাহ বিক্ৰেতাই । পত্ৰযোগে প্ৰধানমন্ত্ৰী মোদীক নিবনুৱাৰ সমস্যা জনোৱাৰ লগতে দিলে এশ টকা । লগত এটা বিশেষ বাৰ্তা, ‘এই এশ টকাৰে দাড়ি কাটক ।’
মুম্বাইৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে । তথ্য অনুসৰি, অনিল মোৰে নামৰ এজন চাহ বিক্ৰেতাই প্ৰধানমন্ত্ৰী মোদীক দাড়ি কাটিবৰ বাবে এশ টকা পঠাইছে । কিন্তু কিয় হঠাৎ তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিলে ?
সূত্ৰ অনুসৰি, দেশৰ অৰ্থনৈতিক অৱস্থা দেখি হতাশ অনিল । কৰ’না সংক্ৰমণৰ ফলত ব্যক্তিগত খণ্ডৰ শ্ৰমিকসকল ব্যাপেকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বহু লোকে কাম হেৰুৱাইছে । মহাৰাষ্ট্ৰৰ ইন্দাপুৰ ৰ’ডৰ এখন বেচৰকাৰী হাস্পতালৰ কাষত চাহৰ দোকান অনিলৰ । নিজৰ ব্যৱসায়ৰ লগতে বহু বন্ধু, পৰিজনক কাম হেৰুওৱা দেখিছে তেওঁ ।
অনিলে কয়, ‘নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দাড়ি বঢ়াইছে । কিন্তু ইয়াৰ পৰিৱৰ্তে দেশৰ অৰ্থনীতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিছিল । দেশৰ স্বাস্থ্য পৰিকাঠামোৰ উন্নতি, টিকাকৰণৰ গতি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিছিল । কৰ’নাৰ দ্বিতীয় ঢৌৱে সাধাৰণ মানুহক যি বিপদৰ মুখত ঠেলি দিলে, তাৰ পৰা কেনেদৰে উঠি আহিব পাৰি তাত গুৰুত্ব দিব লাগিছিল প্ৰধানমন্ত্ৰীয়ে ।’
ইয়াতেই অন্ত নপৰে, চাহ বিক্ৰেতাজনে লগতে কয়, ‘মই প্ৰধানমন্ত্ৰীক বহুত শ্ৰদ্ধা কৰো । কিন্তু মই বাস্তৱ পৰিস্থিতিটো বুজি পাইছো । মই প্ৰধানমন্ত্ৰীক এশ টকা পঠাইছো । এই টকাৰে তেওঁক দাড়ি কটাৰ পৰামৰ্শ দিছো । মই প্ৰধানমন্ত্ৰীক অসন্মান কৰিব নিবিচাৰো । কিন্তু ক’ভিড পৰিস্থিতিত দুখীয়া শ্ৰেণীৰ লোকে কি সমস্যাত ভুগিছে, তেওঁ সেই বিষয়ত বিন্দুমাত্ৰ অৱগত নহয় । সেয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছো ।’
প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰা পত্ৰত অনিলে লিখে, কৰ’নাত নিজৰ পৰিয়ালক হেৰুৱাসকলক কেন্দ্ৰই পাঁচ লাখকৈ আৰু আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাসকলক তিনি লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে ।