ইউটিউবাৰ জনপ্ৰিয় কৌতুক অভিনেতা ভুৱন বামৰ পিতৃ মাতৃ আৰু নাই । এমাহৰ ভিতৰতে কৰ’নাত ইউটিউবাৰজনে হেৰুৱালে তেওঁৰ পিতৃ-মাতৃক। মানসিকভাৱে ভাগি পৰিছে বিবি কি ভাইনছ। ইনষ্টাগ্ৰামত মাক-দেউতাকৰ স’তে ফটো প’ষ্ট কৰি আৱেগিক হৈ পৰিছে ভুৱন ।
তেওঁ লিখিছে, ‘কৰ’নাত মোৰ দুই লাইফলাইন হেৰুৱালো। মা – বাবাক এৰি আগৰ দৰে সকলো ঠিক নহব। খালি হৈ পৰিল ঘৰ, যি সপোন দেখিছিলোঁ, সকলোবোৰ এমাহৰ ভিতৰত শেষ হৈ গল। মা’ নাই। বাবাও লগত নাই।
মই নতুনকৈ জীয়াই থাকিবলৈ শিকিব লাগিব। কিন্তু মই নিবিচাৰো। প’ষ্টটোত দুখ প্ৰকাশ কৰি ভুৱনে আৰু লিখিছে, ‘মই সঁচাকৈয়ে লৰা হিচাপে সঠিক ভূমিকা পালন কৰিছিলোঁ নে? এই প্ৰশ্নটো মোৰ লগত গোটেই জীৱনৰ বাবে থাকিব।
আশা কৰো মই তেওঁলোকক অতি সোনকালেই পুনৰ লগ পাম । মই আৰু অপেক্ষা কৰিব নোৱাৰো।’ ভুৱনৰ প’ষ্টটো তেওঁৰ অনুৰাগী আৰু অন্যান্য তাৰকাসকলে সমবেদনা জনাইছে।
https://www.instagram.com/p/CQBZlQehxSx/?utm_source=ig_web_copy_link
অভিনেতা ৰাজকুমাৰ ৰাৱে সমবেদনা জ্ঞাপন কৰি কয়, ‘মই সঁচাকৈয়ে দুখিত। তুমি বহুত কৰিছা। মই নিজেই দেখেছো। আমি যথাসাধ্য চেষ্টা কৰোঁ কিন্তু ভাগ্যত লিখা কথাবোৰ কোনেও সলনি কৰিব নোৱাৰে।
তেওঁৰ আশীৰ্বাদ সদায় তোমাৰ স’তে আছে। ঈশ্বৰে তোমাক শক্তি দিয়ক। মই সদায় তোমাৰ লগত আছো। আন এজন জনপ্ৰিয় ইউটিউবাৰ আশীষ চঞ্চলানী আৰু অভিনেতা কাৰ্তিক আৰ্যনেও তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰিছে।
ভুৱন বামে ২০১৫ চনত তেওঁৰ ইউটিউব চেনেল বিবি কি ভাইনছ খুলি ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছিল। তেওঁ বহুতো ইউটিউবাৰ আৰু ব্লগাৰৰ স’তে যুটীয়াভাৱে কাম কৰিছে। তেওঁক অলপতে এখন চুটি ছবিতো দেখা গৈছিল।