বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু তিথি, শ্ৰদ্ধাঞ্জলিত ৩১হেজাৰ গজাল পিনেৰে ছবি আঁকিলে বাসুগাঁৱৰ শিল্পি সৌৰভ মণ্ডলে 

বিশ্বাভিলেখ কৰাৰ আশা সৌৰভৰ

আজি বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকী । অভিনেতাজনৰ অনুৰাগী চিৰাং জিলাৰ বাসুগাঁৱৰ ছাত্ৰ সৌৰভ মণ্ডলে সুশান্তৰ শ্ৰদ্ধাঞ্জলি হিচাপে ৩১ হেজাৰ গজাল পিনেৰে ছবি অংকন কৰে । প্লাই বোৰ্ডত গজাল পিন খুচি সুশান্তৰ ছবি অঁকা সৌৰভ ত্ৰিপুৰা ইউনিভাৰ্ছিটিৰ এম কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ । নিজৰ পঢ়া-শুনাৰ লগে লগে ছবি অংকন কৰি আছে ।

প্ৰতিদিনে পাঁচ ঘন্টাকৈ কাম কৰি আঠ দিন ৪০ ঘন্টাত সম্পূৰ্ণ কৰি তুলিছে এই ছবি । কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ স্কেচ্ পেইন্টিং কৰাৰ পাছত মাউথ পেইন্টিং কৰিছিল । তেওঁ মাউথ পেইন্টিং কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি আ‌ঁকি শুভেচ্ছা লাভ কৰিছিল । সৌৰভে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট)ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ( গ্ৰেণ্ড মাষ্টাৰ) পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া টাৰ্গেট বিশ্ব ৰেকৰ্ড কৰাৰ বুলি জনায় সৌৰভে ।

 চিৰাং জিলাৰ বাসুগাঁও চহৰৰ পৰা নিজৰ প্ৰতিভাৰে বিভিন্ন কৌশলেৰে ছবি আঁকি বিভিন্ন জনৰ শলাগ ল’বলৈ সক্ষম হৈছে ছাত্ৰজনে ।

Exit mobile version