অষ্ট্ৰেলিয়াত হেজাৰ হেজাৰ দুৰ্গতক খাদ্যৰ যোগান ধৰি এইবাৰ ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দুই ভগ্নী

1623393203 1

ৰাধিকা ভৰদ্বাজ আৰু কৃষ্ণপ্ৰিয়া দুই ভগ্নী । অষ্ট্ৰেলিয়াত বাস কৰা এই ১৪ আৰু ১০ বছৰীয়া কিশোৰী দুগৰাকীয়ে নিজৰ কৰ্মৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে ইমান কম বয়সতে নিজে ৰান্ধি বিপদত পৰা হেজাৰ হেজাৰ মানুহক খাদ্যৰ যোগান ধৰিছে ।

কৰ’নাগ্ৰস্ত ভাৰতকো সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে দুই ভগ্নী । সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতত অক্সিজেনৰ যোগান ধৰিছে তেওঁলোকে ।

অষ্ট্ৰেলিয়াৰ টুম্বাটত পিতৃ-মাতৃৰ স’তে থাকে তেওঁলোক । তাতেই তেওঁলোকৰ জন্ম, পঢ়া-শুনা । ৰাধিকাই সৰুৰ পৰাই খাই ভাল পায়, সেয়ে নানা ধৰণৰ সুস্বাদু খাদ্য ৰন্ধনৰ প্ৰতিও তাইৰ অতি আগ্ৰহী ।

মাত্ৰ ১১ বছৰ বয়সতে ‘ৰাধিকা’ছ কুকবুক’ নামে এখন ৰন্ধনৰ কিতাপো লিখিছে ৰাধিকাই । বেকিং, ফ্ৰাইং, পেন কুকিং, ৰ’ষ্টিং সকলো ধৰণৰে খাদ্য ৰন্ধাত পাকৈত তাই ।

টুম্বাটত কোনো ধৰণৰ কমিউনিটী সমাৱেশ হ’লে পিতৃ-মাতৃয়ে তাইক কিবা নহয় কিবা ৰান্ধিবালৈ উৎসাহিত কৰে । ইমান কম বয়সতে তাই নিমিষতে দুই-তিনিশ লোকৰ বাবে ৰান্ধিব পাৰে ।

দুয়ো ভগ্নীয়ে সৰুৰে পৰাই সমাজসেৱা কৰি ভাল পায় । বিপদত পৰা কোনো লোকক সহায় কৰিবৰ বাবে তেওঁলোকক সদায় প্ৰস্তুত । এই গুণ অৱশ্যে তেওঁলোকৰ সিৰা-উপসিৰাই বৈ আছে । কাৰণ তেওঁলোকৰ পিতৃ-মাতৃয়েও মানুহক সহায় কৰি ভাল পায় ।

উদাৰ মানসিকতাৰ বাবে ৰাধিকা টুম্বাটৰ মানুহৰ বাবে তাৰকাতকৈ কম নহয় । ২০১৯ৰ এটা ঘটনাই তেওঁক সমগ্ৰ বিশ্বৰ নজৰত পেলায় । সেই বৰ্ষত ভয়ংকৰ অগ্নিকাণ্ডৰ সন্মুখীন হৈছিল অষ্ট্ৰেলিয়া । দিন-ৰাতি একাকাৰ কৰি নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি মানুহক ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অগ্নিনিৰ্বাপক বাহিনীক ৰাধিকা আৰু তাইৰ পৰিয়ালবৰ্গই খাদ্যৰ যোগান ধৰিছিল ।

মুঠ ১৩ হেজাৰ অগ্নিনিৰ্বাপক বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক খাদ্য দিছিল তেওঁলোকে । অতিমাৰীৰ সময়তো এই জনসেৱা অক্ষুণ্ণ ৰাখিছে তেওঁলোকে ।

ইয়াৰ পাছৰ পৰাই ভৰদ্বাজ পৰিয়ালৰ নাম বিয়পি পৰে সমগ্ৰ বিশ্বতে । বিশেষকৈ ভৰদ্বাজ পৰিয়ালৰ দুই ভগ্নী ৰাধিকা আৰু কৃষ্ণপ্ৰিয়া খুবেই প্ৰশংসিত হয় ।

সম্প্ৰতি কুইন্সলেণ্ড হাস্পতালৰ চিকিৎসক-নাৰ্ছসকলকো নিত্য খাদ্য দি আহিছে তেওঁলোকে । এইবাৰ সাহায্যৰ হাত আগবঢ়াইছে ভাৰতলৈকো । দিল্লীত তেওঁলোকৰ পৰিয়ালৰ সদস্য থাকে । তেওঁলোকৰ পৰাই দেশৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে শুনিছে তেওঁলোকে । সেয়ে তেওঁলোকে পিতৃ-মাতৃক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

কৰ’নাৰ দ্বিতীয় ঢৌত ভাৰতক সহায় কৰিবৰ বাবে এক লাখ ডলাৰ যোগাৰ কৰাৰ চেষ্টা কৰিছে তেওঁলোকে । ইতিমধ্যে ২৪ হেজাৰ ডলাৰ যোগাৰ কৰিছে দুয়োজনে । এই ধনেৰে ভাৰতৰ বাবে অক্সিজেন কনচেনট্ৰেটৰৰ অৰ্ডাৰ দিছে ।

দুয়ো ভগ্নীয়ে ৰাষ্ট্ৰসংঘৰ দূত হোৱাৰ স্বপ্ন দেখে । বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি খাদ্যাভ্যাস আৰু পৰিৱেশৰ ওপৰত তাৰ প্ৰভাৱ সম্পৰ্কে সচেতন কৰিব মানুহক ।

Exit mobile version