‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ প্ৰভাৱ, ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতালৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হেজাৰ টকাৰ চেক প্ৰদান নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

IMG 20210617 WA0025

“আৰ্থিক সমস্যাত জৰ্জৰিত পিতৃহীন কল্পনা কলিতা” শীৰ্ষক বাতৰিটো দুই জুনত বিস্তাৰিতভাৱে “দৈনিক অগ্ৰদূত” প্ৰকাশ পোৱাত ৰাজ্য চৰকাৰৰ মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ হৈছিল । লগে লগে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হেজাৰ টকাৰ চেক এখন মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰে । আজি নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কঞাকুছি গাঁৱৰ কল্পনা কলিতাৰ ঘৰত উপস্থিত হৈ একালীন সাহাৰ্যৰ চেকখন প্ৰদান কৰে ।

উল্লেখ‍্য যে ক্ৰীড়াকে জীৱনৰ ব্ৰত বুলি ভবা, কল্পনা কলিতাৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁকুছি গাঁৱত । যিটো সময়ত গ্ৰাম্যাঞ্চলত মহিলাই খেল খেলাটো একপ্ৰকাৰ দুৰুহ কাম আছিল ঠিক সেই সময়তে নিজৰ সাহস আৰু একাগ্ৰতাৰ জড়িয়তে ভলীবল খেলি প্ৰতিস্থিত হ’ব পৰাটো কম ডাঙৰ কথা নহয় । কিন্তু ইয়াকে সহজ কৰি দেখাইছে কল্পনা কলিতাই ।

পূৱ নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ কল্পনাৰ জন্ম হৈছিল ১৯৯৫ত । দেউতাক প্ৰয়াত ধৰ্ম কলিতাই দিন-হাজিৰা কৰি ঘৰখন চলাই আছিল যদিও ২০২০ত হঠাৎ দেউতাকৰ মৃত্যু হোৱাত ঘৰখনৰ আলৈ-আঠানি নোহোৱা হয় । মাক যামিনী কলিতাই প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী কাম কৰি পোৱা টকা কেইটাৰে ঘৰখনৰ জোৰা মাৰিবলৈ টান । সেয়ে কল্পনাই ভুঁই ৰোৱা, ধান কটা, গাখীৰ বিক্ৰী কৰা, হাঁহ কুকুৰা ইত্যাদি পালন কৰি আজিও ঘৰৰ দায়িত্ব পালন কৰি আহিছে ।

২০০৯ৰ পৰা ভলীবলৰ প্ৰশিক্ষণ আৰম্ভ কৰা কল্পনাই ২০১০ত সৰুসজাইত অনুষ্ঠিত হৈ যোৱা আন্তঃজিলা মিনি ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে । ইয়াৰ পাছত তেওঁ জিলা তথা ৰাজ্যিক দলৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰূপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয় ।

আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত জুনিয়ৰত দুবাৰ আৰু চিনিয়ৰত এবাৰ চূড়ান্ত বিজয়ী হোৱা জিলা দলটোৰ অন্যতম সদস্য হৈ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কল্পনা কলিতাই আৰু ইয়াৰ সুবাদতে ২০১০ত মধ্যপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা মিনি নেচনেল, ২০১৪ৰ ৮-১৪ জানুৱাৰীলৈ দেহৰাডুনত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৪ৰ ২৩-২৮ ডিচেম্বৰত চণ্ডিগঢ়ত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৬ৰ ২৪-৩০ ডিচেম্বৰত চেন্নাইত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল আৰু ২০১৯ৰ ২৫ ডিচেম্বৰৰ পৰা দুই জানুৱাৰীলৈ ভূৱনেশ্বৰৰ উৰিষ্যাত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে ।

পাঁচবাৰকৈ অসম দলক প্ৰতিনিধিত্ব কৰা কল্পনাৰ জীৱনলৈ এতিয়া নামি আহিছে চৰম বিপৰ্যয় । খোৱা-লোৱাকে আদি কৰি বিভিন্ন সমস্যাত ভুগিছে কল্পনাই । তেওঁৰ মনৰ ভিতৰত থকা খেলুৱৈৰ যুঁজাৰু মনটোৱে কিন্তু কেতিয়াও হাৰ মনা নাই । সকলো কাম-কাজ কৰিও সময় মতে খেলপথাৰত উপস্থিত হোৱাটো কল্পনাই নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই বিবেচনা কৰি আহিছে । ইয়াৰ বাবে পূৱ নলবাৰী ক’চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস মুখ্য প্ৰশিক্ষক গনেশ শৰ্মাৰ নাম তেওঁ অকপটে স্বীকাৰ কৰে ।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈগৰাকীৰ এনে হোৱাটো সঁচাকৈয়ে দূৰ্ভাগ্যজনক । ৰাজ্যপালে মহিলা ভলীবলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে আঁচনি প্ৰস্তুত কৰি জিলাই জিলাই ক্ৰীড়া সামগ্ৰী বিতৰণ কৰিছে । ই এক শুভ লক্ষণ । ইয়াৰ লগে লগে প্ৰতিভাৱান মহিলা খেলুৱৈৰ বাবে জীৱন-জীৱিকাৰ পথটো বিবেচনা কৰাৰ বাবে ৰাজ্যপাল তথা অসম চৰকাৰক ক্ৰীড়াপ্ৰেমী ৰাইজে বিনম্ৰতাৰে অনুৰোধ জনাইছে । তেতিয়াহে অসমত মহিলা ভলীবলৰ উত্তৰণ হোৱাৰ লগতে খেলুৱৈসকলে সন্মান সহকাৰে জীয়াই থাকিব । অন্যথা বৰ্তমান সময়ত খেলুৱৈসকলে চাহ দোকান, পান দোকান বা দিন-হাজিৰাৰে জীৱন-নিৰ্বাহ কৰাৰ দৰে হ’ব খেলুৱৈৰ অৱস্থা ।

সংশ্লিষ্ট বাতৰিটো ‘দৈনিক অগ্ৰদূত’ কাকতত প্ৰকাশ হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অতি গুৰুত্ব সহাকাৰে লৈ মুখ্য সাহাৰ্য পুঁজিৰ জৰিয়তে ৫০ টকা চে’ক এখন নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা হাতত দিয়ে । বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি কল্পনা কলিতাক চে’ক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰু সৰু সংবাদৰ ওপৰতো গুৰুত্ব দিয়ে । সেয়ে আজি কল্পনা কলিতাই এই সাহাৰ্য পাবলৈ সক্ষম হ’ল বুলি সদৰী কৰে । লগতে বিধায়কগৰাকীয়ে আগন্তুক দিনত ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাসকলক আৰক্ষীত নিয়ুক্তি দিব বুলি মন্তব্য কৰে ।

বিধায়কগৰাকীৰ আজি এই চেক প্ৰদান অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, মহিলা মৰ্চা সভানেত্ৰী মনিকা ভৰালী, বিজেপি নেতা বুবুল দাস, নন্দলাল চৰকাৰ, অঞ্জন ডেকা, কুলদ্বীপ কলিতা, ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস আদিয়ে উপস্থিত থাকে ।

Exit mobile version