সৃষ্টিৰ সোণালী পথাৰলৈ পৰিৱৰ্তিত কৰ’নাৰ জটিল সময়ঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকাৰ অশীতিপৰ প্ৰিয়েন্দ্ৰ তামুলীৰ গ্ৰন্থ আৰু প্ৰবীণ গীতিকাৰ বংকিম শৰ্মাৰ বিশেষ গীত

20210620 164546

তেজপুৰৰ দুগৰাকী বিশেষ ব্যক্তিৰ বিশেষ উপহাৰ জটিলতাৰে ভৰা কৰ’নাকালত ৷ এগৰাকী ৮১ বছৰীয়া নাট্যকাৰ লেখক আৰু এগৰাকী ৭৮ বছৰীয়া প্ৰবীণ গীতিকাৰ ৷ সুলেখক প্ৰিয়েন্দ্ৰ তামুলী আৰু প্ৰবীণ গীতিকাৰ বংকিম শৰ্মাৰ সৃষ্টিয়ে আহ্লাদিত কৰিছে তেওঁলোকৰ গুণমুগ্ধসকলক ৷

কৰ’নাৰ সংক্ৰমণৰ এই দুৰ্বিষহ সময়ত সৰ্বসাধাৰণে উদ্বিগ্নতাৰে দিন অতিবাহিত কৰিবলগীয়া হোৱাৰ সময়তে ৰাজ্যৰ একাংশ লোক নীৰৱে ব্যস্ত আছে তেওঁলোকৰ সাধনা আৰু সৃষ্টিৰাজিৰে সমাজক উদ্ভাসিত কৰাত ৷ এনে এগৰাকী আলোকসন্ধানি ব্যক্তি তথা প্ৰবীণ নাট্যকাৰ, সু-লেখক অশীতিপৰ প্ৰিয়েন্দ তামুলীৰ “সুন্দৰৰ সাধনা” নামৰ এখন উচ্চ মানবিশিষ্ট গ্ৰন্থ কালি বিয়লি কৰ’নাকালৰ প্ৰতিকূল পৰিৱেশৰ মাজতে অনাড়ম্বৰপূৰ্ণভাৱে উন্মোচিত হোৱাৰ বতৰাই সৃষ্টিশীলতাৰে জড়িতসকলক উৎসাহিত কৰিছে ৷

উল্লেখ্য যে, ১৯৬০ৰ দশকৰ পৰা নাট ৰচনাৰে নাট্য সাহিত্যলৈ অশেষ বৰঙণি আগবঢ়াৱা তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰি চন্দ্ৰ নাথ শৰ্মা মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰিয়েন্দ্ৰ তামলীয়ে ”সুন্দৰৰ সাধনা” নামৰ গ্ৰন্থখনত তেওঁ বিভিন্ন সময়ত অসমৰ কে’বাখনো বাতৰি কাকত তথা আলোচনীত প্ৰকাশিত প্ৰবন্ধ, গল্প আদি সন্নিবিষ্ট কৰা হৈছে ৷ এগৰাকী প্ৰচুৰ অধ্যয়নপুষ্ট ব্যক্তি তামুলীৰ কলমৰে নিগৰা অতি উচ্চ মানদণ্ডৰ লিখনিসমূহ সংগ্ৰহ কৰি, লিখনিসমূহে পঢ়ুৱৈ সমাজৰ বিশেষ চিন্তাৰ খোৰাক যোগাব বুলিয়েই ”সুন্দৰৰ সাধনা” নামৰে গ্ৰন্থখন প্ৰকাশ কৰা হয় ৷

ৰাজ্যৰ আন এগৰাকী বিশিষ্ট নাট্যকৰ্মী মৃগেন চন্দ্ৰ বড়াৰ সম্পাদনাত এই বিশেষ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায় লিখক তামুলীৰ পুত্ৰ দূৰ্বাদল তামুলীয়ে । উল্লেখ্য যে, কৰ’নাৰ পৰিস্থিতিৰ বাবে কালি তামুলীৰ বাসগৃহতেই পুত্ৰ দূৰ্বাদল তামুলী, গ্ৰন্থখনৰ সম্পাদক মৃগেন চন্দ্ৰ বড়া আৰু লিখকৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে লিখক তামুলীয়ে । মুঠ ১৪৪ পৃষ্ঠাৰ গ্ৰন্থখনি তেওঁৰ ভাতৃ তথা বিশিষ্ট সংগীত শিল্পী প্ৰয়াত গুণ তামুলী (মন্টু)ৰ পবিত্ৰ স্মৃতিত উছৰ্গা কৰা হৈছে ৷ সমাজ আৰু সময়ক প্ৰতিফলিত কৰা মূল্যৱান লিখনিসমৃদ্ধ এই গ্ৰন্থখনে পঢ়ুৱৈ সামাজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে সম্পাদনা কৰা বড়াই ।

উল্লেখ্য যে, ১৯৪০ত জন্ম গ্ৰহণ কৰা প্ৰিয়েন্দ্ৰ তামুলীয়ে এগৰকী নাট্যকাৰ, পৰিচালক, অনাতাঁৰ নাট্যকাৰ, প্ৰবন্ধকাৰ, গল্পকাৰ হিচাপে খ্যাতি লাভ কৰিছে । ১৯৮৪ ত আকাশ বাণীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় নাট প্ৰতিযোগিতাত তামুলীৰ বৰদৈচিলা নামৰ নাটকখনিয়ে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তামুলীয়ে বহুকেইখন পূৰ্ণাঙ্গ আৰু একাঙ্কিকা নাটৰ উপৰিও কে’বাখনো অনাতাঁৰ নাট ৰচনা কৰিছে । তেজপুৰৰ আন এগৰাকী বিশিষ্ট শিল্পী তথা গীতিকাৰ-সুৰকাৰ, শিল্পী পেঞ্চন প্ৰাপক, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাইয়ো এই জটিল সময়চোৱাত সৃষ্টিৰ পথাৰত মাণকৰ সন্ধান অব্যাহত ৰাখিছে ৷

১৯৪৩ত জন্ম গ্ৰহণ কৰা সপ্ৰতিভ এইজন গীতিকাৰে ১৯ জুনত কলাগুৰুৰ সোঁৱৰণত ৰচনা কৰে এটি সুন্দৰ গীত । সকলোৰে মাজত বংকুদা নামৰে জনপ্ৰিয় এইগৰাকী সুন্দৰৰ সাধকে কলাগুৰু, ৰূপকোঁৱৰ নটসূৰ্য্যকে ধৰি সেই সময়ৰ বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভৰে ধন্য আৰু বাণৰংগ মঞ্চত তেওঁলোকৰ স’তে সংস্কৃতিৰ বৰ্ণিল পথাৰত সাঁতোৰাৰ সুযোগো লাভ কৰিছিল ৷

বিগত বৰ্ষতো কৰ’নাৰ সংক্ৰমণৰ সময়ত বিভিন্ন যুগত অসমীয়া গীত আৰু কণ্ঠ শিল্পীক লৈ এক গৱেষণামূলক ৰচনা লিখা ৭৮ বছৰীয়া গীতিকাৰ তথা সুৰকাৰগৰাকীয়ে সব্যসাচী বিঞ্চু ৰাভা শীৰ্ষক ২৪ শাৰীৰ গীতটো ৰচনা কৰে ৷ এই গীতটোত কলাগুৰুৰ সৃষ্টি, ব্যক্তিত্ব আৰু ত্যাগ প্ৰতিফলিত কৰিছে এই বিশেষ সময়ত ৰচিত বিশেষ গীতটোৱে ৷

Exit mobile version