কৰ’নাৰ প্রতি লক্ষ্য ৰাখি নেতাই অৱলম্বন কৰিব অত্যাধুনিক পদ্ধতি

নেতা নহয়, পঞ্জাৱৰ নিৰ্বাচনত ভাষণ দিব ৰবটে

Robot Campaign

কৰ’না সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত নেতাই প্রচাৰৰ ক্ষেত্ৰত অৱলম্বন কৰিব অত্যাধুনিক পদ্ধতি।

২০২২ত পঞ্জাৱত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব আৰু এই নির্বাচনত প্ৰচাৰ চলাবলৈ সাজু হৈছে নে নহয়, ৰ’বটহে। মানৱ আকৃতিৰ এনে ৰ’বট এইবাৰ ৰাজ্যখনৰ নির্বাচনী প্রচাৰত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

ৱানষ্টেণ্ড ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ইতিমধ্যে দূত নামৰে এনে মানৱ আকৃতিৰ ৰ’বট তৈয়াৰ কৰি উলিয়াইছে, যি ৰ’বটে পৃথক পৃথক কণ্ঠস্বৰ চিনাক্ত কৰিব পাৰে আৰু মানুহৰ দৰে ভাব-ভংগী প্রকাশ কৰিব পাৰে।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে, ২০২২ত উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্রদেশ, গােৱা আৰু গুজৰাটত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব আৰু এইসমূহ নির্বাচনত নেতাৰ হৈ ভাষণ ৰাখিব বটে।

কৰ’না কালত নিৰাপত্তাৰ কথা বিবেচনা কৰি এনে বিশেষ প্রযুক্তিসমৃদ্ধ ৰ’বট কোম্পানীটোৱে তৈয়াৰ কৰি উলিয়াইছে। উল্লেখ্য যে যােৱা এপ্রিলত তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচনত আই এম এম কে দলে প্রথমবাৰৰ বাবে এনে মানৱ আকৃতিৰ ৰ’বটৰে নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল।

এইবাৰ পঞ্জাৱত বিধানসভাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব এনে ৰ’বট। কৃত্রিম বুদ্ধিমত্তা সমৃদ্ধ এই ৰ’বটে যিকোনাে নেতাৰ হৈ ভাষণ দিয়াৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ সকলাে ধৰণৰ প্ৰচাৰ নিখুতভাৱে চলাবলৈ সক্ষম বুলি ইয়াৰ নির্মাতা প্রতিষ্ঠানটোৱে দাবী কৰিছে।

Exit mobile version