কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে দোতমা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কয় যে, আলিপুৰৰ সাংসদ জন বাৰলাই ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবী উত্থাপন কৰাৰ লগে লগে পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণৰ বিষয়টোক নতুন মাত্ৰা দিয়াৰ লগতে দীৰ্ঘদিন ধৰি কামতাপুৰী জনগণে উত্থাপিত কৰি অহা পৃথক ৰাজ্য গঠনৰ যুক্তিযুক্ততাক সুদৃঢ় ভাৱে পুনৰ প্ৰতিষ্ঠিত কৰিলে।
লগতে কেপিপি ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ,”দেশ স্বাধীন হোৱাৰ পৰবৰ্তী সময়ত দীৰ্ঘদিন ধৰি আমি পৃথক কামতাপুৰ ৰাজ্যৰ গঠনৰ দাবী উত্থাপন কৰি আহিছোঁ পশ্চিমবংগ চৰকাৰে আমাৰ এই ন্যায় সংগত দাবীক বিচ্ছিন্নবাদীৰ প্ৰলেপ সানি দমন, নিপীড়ণ আৰু নিৰ্যাতন চলাই এই অঞ্চলৰ শোষিত, নিপীড়িত জনতাৰ কণ্ঠ ৰুদ্ধ কৰি আহিছিল । এতিয়া আৰু সেই দিন নাই ।”
ইয়াৰ লগতে উত্তম কুমাৰ ৰায়ে কয় যে, ঐতিহাসিক কামতাপুৰ বা উত্তৰবংগক পৃথক ৰাজ্যৰ মৰ্য্যদা দিব লাগে তাৰ বহু আৰু কাৰণ আছে ।
ইয়াৰ উপৰিও পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণৰ বাবে অতিশীঘ্ৰেই অসম-বংগ-বিহাৰক সামৰি এক বৃহত্তৰ গণ সংগ্ৰাম গঢ়ি তোলা হব বুলিও উল্লেখ কৰিছে ৰায়ে।
এই বিষয়ে তেখেতে কয় যে অহা ১১ জুলাই সদ্য প্ৰায়ত কেপিপিৰ সভাপতি অতুল ৰায়ৰ স্মৰণ সভা শিলিগুৰিত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হব আৰু উক্ত সভাৰ পৰবৰ্তী সময়ত কেন্দ্ৰীয় সমিতিত সকলো বিষয়ে আলোচনা কৰি পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণৰ আন্দোলনক এক বাস্তৱ মূখী ৰূপ দিয়া হব বুলি উল্লেখ কৰে ।