চিন্তা বঢ়াইছে কৰ’নাৰ ডেল্টা প্লাছ প্ৰজাতিয়ে, দেশত প্ৰথমজন মৃত্যু মধ্যপ্ৰদেশত

মধ্যপ্ৰদেশত মৃত্যু কৰ’না ডেল্টা প্লাছ প্ৰজাতিৰ প্ৰথমজন ৰোগী । বুধবাৰে মধ্যপ্ৰদেশৰ উজ্জয়িনীত এগৰাকী মহিলাৰ মৃত্যু হয়। কিন্তু তাৰে এই ভাইৰাছৰ পৰা মুক্ত হৈছে আন চাৰিজন ।

উজ্জয়িনীৰ নোডাল ক’ভিড বিষয়া ডাঃ ৰৌনকে জনায় যে, মুঠ পাঁচজন লোক ডেল্টা প্লাছ প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁলোকৰ তিনিজন ভূপালৰ আৰু দুজন উজ্জয়িনীৰ বাসিন্দা। তেওঁলোকৰে চাৰিজন সুস্থ হৈ উঠিছে।

কিন্তু বুধবাৰে উজ্জয়িনীৰ এগৰাকী মহিলাৰ মৃত্যু হয়। এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ স্বাস্থ্য, শিক্ষা মন্ত্ৰী বিশ্বাস চাৰাঙে কয়, “চৰকাৰে যিমান সম্ভৱ সিমান সুৰক্ষা প্ৰদান কৰি আছে । সকলো চিকিৎসালয়ক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।”

জম্মু-কাশ্মীৰতো, এজন ব্যক্তিৰ শৰীৰত পোৱা গৈছে কৰ’না ডেল্টা প্লাছ প্ৰজাতি । বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনায় যে, মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশকে ধৰি এতিয়ালৈকে ৪০ জন লোকৰ শৰীৰত পোৱা গৈছে এই ঘাটক প্ৰজাতিৰ উপস্থিতি ।

Exit mobile version