যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেন্তে ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা থাকে। অত্যাধিক ঘাম, বমি বা ডায়েৰিয়াৰ দৰে ৰোগৰ ফলত কেতিয়াবা শৰীৰৰ পৰা অত্যাধিক পানী ওলাই আহে। তেতিয়া শৰীৰে আপুনাক বিভিন্ন ধৰণে জনাই দিয়ে যে আপুনি ডিহাইড্ৰেচনত ভুগি আছে। কিন্তু বহুক্ষেত্ৰত আমি সেইবোৰ বুজি নাপাওঁ। আপুনি যে কম পানী সেৱন কৰিছে সেইয়া বুজিবলৈ বিভিন্ন ধৰণৰ লক্ষণ আছে ।জানো আহক সেই লক্ষণ কি কি ।
মুখৰ দুৰ্গন্ধ
মুখৰ লেলাৱতিৰ বেক্টেৰিয়া-ৰোধী গুণাগুণ থাকে। কিন্তু কম পানী সেৱন কৰিলে বেছি লেলাৱতি তৈয়াৰ নহয় আৰু মুখত বেক্টেৰিয়া বৃদ্ধি হয় আৰু মুখৰ পৰা দুৰ্গন্ধ ওলায় । টোপনিৰ সময়ত আমাৰ শৰীৰৰ লেলাৱতি উৎপাদন কম হয়। গতিকে ৰাতিপুৱা শুই উঠি মুখ ধুই আৰু যথেষ্ট পৰিমাণৰ পানী খাব লাগে।
শুকান ছাল
বহুলোকে ভাবে যে যিসকল অত্যাধিক ঘামে তেওঁলোকৰ শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা হয়। কিন্তু সত্যটো অলপ বেলেগ। যেতিয়া ডিহাইড্ৰেচনৰ সমস্যা যথেষ্ট বৃদ্ধি হয়, ছাল শুকাই যায়। কেনেদৰে বুজিব ? হাতখন চিকুটি দি চাওক । ছালখন দীৰ্ঘসময় ধৰি কোচ খাই আছে নেকি? স্বাভাৱিক লৈ ঘূৰি আহিবলৈ সময় লোৱা হৈছে নেকি? তেতিয়াহলে আপুনি আৰু অধিক পানী সেৱন কৰাৰ প্ৰয়োজন ।
হাত ভৰি টানি ধৰা
প্ৰচণ্ড গৰমত ব্যায়াম কৰোঁতে, শৰীৰটো গৰম হয়। ঠাণ্ডা হ’বলৈ পৰ্যাপ্ত পানীৰ প্ৰয়োজন। কিন্তু যদি ডিহাইড্ৰেচন হয়, সেই পানী মাংসপেশীয়ে নাপায়।
মিঠাই খোৱাৰ প্ৰৱণতা
শৰীৰৰ পানী কম হ’লে আপোনাৰ লিভাৰ সঠিকভাৱে কাম কৰিব নোৱাৰে। লিভাৰ পানীৰ সহায়ত গ্লাইকোজেন প্ৰস্তুত কৰে যি আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। কিন্তু যদি সেইটো সঠিকভাৱে কৰা নহয়, শৰীৰক অধিক খাদ্যৰ প্ৰয়োজন হ’ব। গতিকে আপোনাৰ নিমখীয়া লঘু আহাৰ, চকলেট, মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি হয়।