‘বজাৰ আমাৰ পথাৰ আমাৰ’ এই উদ্দীপক বাক্য শাৰীৰে উদ্বুদ্ধ হৈ পুনৰ প্রমাণ কৰি দেখুৱালে দৰঙৰ প্রাক্তন ছাত্র নেতা তথা সদৌ দৰং জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰাৰ উপৰিও দৰং জিলাৰ বিভিন্ন সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ জনপ্ৰিয়তা অৰ্জন কৰা মকুণ্ড ডেকাই এতিয়া নিৰৱে কৰি গৈছে কৃষি বিপ্লৱ । জিলাখনত কৃষি কৰ্মৰে স্বাৱলম্বী হৈ নৱপ্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ পৰিছে তেওঁ ।
ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈয়েই মঙলদৈৰ মোৱামাৰী চাপৰিত কে’বাবিঘা মাটিত মৰাপাট, সৰিয়হ, মাকৈ, কুঁহিয়াৰ আদিৰ উপৰিও লাউ, জিকা, ভোল, বেঙেনা, জলকীয়া, টিঁয়হ আদি শাক-পাচলিৰ খেতি কৰি বৰ্তমান স্বাৱলম্বী হৈ পৰিছে মকুণ্ড ডেকা । ঋতু অনুযায়ী খেতি কৰি লাভৱান হোৱা মকুণ্ডই সাংবাদিকৰ আগত নিজৰ কৃষিকৰ্মৰ বৰ্ণনা দাঙি ধৰি কয় যে, তেওঁ কৃষি কৰ্ম আগুৱাই নিয়াৰ ক্ষেত্ৰত দৰং জিলা কৃষি বিভাগৰ পৰা বিভিন্ন ধৰণে সহায়-সহযোগিতা লাভ কৰিছে । মঙলদৈ চহৰৰ গাতে লাগি থকা গেৰিমাৰীৰ বাসিন্দা মকুণ্ডই লগতে কয় যে, বজাৰ আৰু পথাৰ সদায় আমাৰ হাতত থাকিব লাগিব । এই শ্ল’গান সাৰোগত কৰিয়েই তেওঁ কৃষিকৰ্মত মনোনিবেশ কৰিছে ।
মঙলদৈ চহৰৰ নিকটৱৰ্তী মোৱামাৰী চাপৰিৰ মাটি কৃষি কাৰ্যৰ বাবে অতি উৰ্বৰা বুলি জানিবলৈ দি ডেকাই বৰ্তমান কে’বাবিঘা মাটিত কুঁহিয়াৰ আৰু মৰাপাটৰ খেতি কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ কুঁহিয়াৰ খেতিত তেওঁ অধিক গুৰুত্ব দিয়া বুলি জানিবলৈ দি কয় যে, কুঁহিয়াৰ খেতি বাম ঠাই আৰু চৰ অঞ্চলত কৰা খেতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে । চৰ অঞ্চলত হোৱা কুঁহিয়াৰ খেতি অতি কমেও পাঁচ-ছয় ফুট ওখ হয় । ইপিনে, সৰু-সুৰা বানপানীয়ে এসপ্তাহ পৰ্যন্ত এইবিধ কুঁহিয়াৰ খেতিৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে ।
আনহাতে বানপানীয়েও অনিষ্ট কৰিব নোৱাৰা এবিধ উন্নত জাতৰ কুঁহিয়াৰ খেতিৰ বিষয়ে তেওঁ চিন্তা-চৰ্চা কৰি থকা বুলিও এই প্রতিবেদকক জানিবলৈ দিয়ে । জিলাখনত কুঁহিয়াৰৰ চাহিদা সন্দৰ্ভত ডেকাই কয় যে, এই কুঁহিয়াৰ শালৰ পৰা উলিয়ায় লোৱা ৰস বিধ ডাঙৰ ডাঙৰ টাৱাত পগাই লোৱাৰ পাছত টিনত ভৰাই লৈ জুলীয়া গুৰ (চুৰা) আৰু গোটা গুৰ হিচাপে পাব পাৰি । বিশেষকৈ জুলীয়া গুৰ তথা চুৰা দৰং জিলাত বিভিন্ন ৰাজহুৱা সকাম, বিয়া-সবাহ, উৎসৱ-পাৰ্বন আদিত ব্যৱহাৰ হয় । প্ৰধানকৈ মাঘ বিহুৰ সময়ত বিভিন্ন সুস্বাদু জলপান, চুঙাপিঠা আদিৰ স’তে পৰিৱেশন কৰিবলৈ এই জুলীয়া গুৰ বা চুৰা ব্যৱহাৰ হৈ আহিছে । সেয়েহে মাঘ বিহুৰ সময়ত ইয়াৰ চাহিদা অধিক বৃদ্ধি পোৱা দেখা যায় । পূৰ্বতে এই গুৰ বা চুৰা দৰঙৰ বঙলাগড়, ধূলাৰ টাংনী বজাৰ আদিত যথেষ্ঠ পৰিমাণে বিক্ৰী হৈছিল যদিও এতিয়া জটিল ক’ভিড পৰিস্থিতিৰ বাবে বজাৰসমূহ চৰকাৰে বন্ধ কৰি ৰখাত ব্যৱসায়ীক দিশটো বাধাগ্ৰস্ত হৈছে বুলি তেওঁ উল্লেখ কৰে ।
একেদৰে মৰাপাট খেতিৰ পৰা উৎপাদিত মৰাপাট খাৰুপেটীয়াত বিক্ৰী কৰা হৈছিল যদিও এতিয়া আংশিক তলাবন্ধ আৰু সান্ধ্য আইনৰ বাবে ব্যৱসায়ত স্থবিৰতা আহি পৰা বুলি জানিবলৈ দিয়ে আদৰ্শ কৃষকজনে । তথাপিও জিলাৰ বাহিৰলৈ মৰাপাট ৰপ্তানি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি সাংবাদিকৰ আগত সদৰী কৰে ডেকাই । নৱপ্ৰজন্মক তেওঁ কি পৰামৰ্শ আগবঢ়াব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডেকাই কয় যে, আজিৰ নৱপ্ৰজন্মৰ কৃষিকৰ্মৰ প্ৰতি অনীহা । নাই কোনো আগ্ৰহ । তেওঁ নিবনুৱা যুৱক-যুৱতীসকলক কেৱল চৰকাৰী চাকৰিৰ বাবে আশা বুকুত বান্ধি নাথাকি স্বাধীনভাৱে কৃষি কৰ্মত মনোনিবেশ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় । এইক্ষেত্ৰত যাৱতীয় দিহা-পৰামৰ্শ প্ৰদান কৰিবলৈ তেওঁ সাজু বুলি উল্লেখ কৰে ।
ইপিনেে আংশিক তলাবন্ধত জুৰুলা হোৱা থলুৱা কৃষকসকলৰ হাতলৈ বজাৰ ব্যৱস্থা ঘূৰাই আনিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক আহ্বান জনাইছে আদৰ্শ কৃষক মকুণ্ডই । উল্লেখযোগ্য যে ডেকাৰ কৃষিকাৰ্যত সহযোগিতা আগবঢ়োৱা আন ১০-১৫ গৰাকী লোকেও নিজৰ পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ সক্ষম হৈছে ডেকাৰ এই কৃষি উদ্যোগৰ জৰিয়তে ।
দৰঙৰ মকুণ্ড ডেকা, জীয়াৰুদ্দিন আহমেদ আদিকে কৰি থলুৱা কৃষি উদ্যেগীসকলে এনে আদৰ্শ দাঙি ধৰাৰ সময়তে ছিপাঝাৰৰ হেজাৰ হেজাৰ বিঘা চৰকাৰী ভূমিত সমবায় পদ্ধতিৰে কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যুৱক-যুৱতীসকলক উদগনি দিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ তৎপৰতা লোৱাৰ লগে লগে জিলাখনৰ থলুৱা যুৱক-যুৱতীসকলৰ মাজত ব্যাপক জাগৰণ পৰিলক্ষিত হৈছে । এনে প্ৰেৰণাদায়ক পদক্ষেপৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছে দৰঙৰ যুৱক-যুৱতীসকল ।