যি অঞ্চলত নেমু পানী, আইচক্ৰিম বিক্ৰী কৰিছিল সম্প্ৰতি তেওঁ সেই অঞ্চলৰে আৰক্ষী বিষয়া ।
আনি শিবা । বয়স ৩১ বছৰ । তেওঁ কেৰালাৰ তিৰুৱন্তপুৰমৰ ভাৰকালা থানাৰ উপ-আৰক্ষী বিষয়া । মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষত পঢ়ি থকাৰ সময়তে তেওঁ পৰিয়ালৰ অমতত বয়ফ্ৰেণ্ডৰ স’তে থাকিবলৈ লয় । সেই সময়ত তেওঁ সন্তান সম্ভৱাও হৈ পৰে । তেতিয়াই আনিক তেওঁৰ বয়ফ্ৰেণ্ডে ঠগি দিয়ে । উপায়হীন হৈ পৰে আনি । ঘৰলৈও উভতি যোৱাৰ পথ নাই ।
আনিয়ে জনায়, সন্তানক জন্ম দিয়াৰ পাছত তেওঁ ঘৰলৈ উভতিছিল, যদিও তেওঁক পৰিয়ালবৰ্গই অস্বীকাৰ কৰে । তেওঁ ভাড়া ঘৰত শিৱসূৰ্যৰ স’তে থাকিবলৈ লয় । জীৱন যাপন কৰিবৰ বাবে মছলা, চাবোনৰ ব্যৱসায় আৰম্ভ কৰে । তেওঁ বীমা সংস্থাৰ এজেণ্ট হিচাপেও কাম কৰে । তদুপৰি ভাৰকালা অঞ্চলত নেমু পানী, আইচক্ৰিমো বিক্ৰী কৰে । এনেদৰেই পইচা জমা কৰি তেওঁ সমাজ বিজ্ঞানত স্নাতক কৰে ।
২০১৪ত তিৰুৱন্তপুৰমত আৰক্ষীৰ পৰীক্ষাৰ বাবে এখন কোচিং চেণ্টাৰত নামভৰ্তি কৰে । সংসাৰ, সন্তানৰ যতনৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে চম্ভালি লৈছিলে আনিয়ে । ২০১৬ত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰে । ২০১৯ত পুনৰ এছআই পৰীক্ষাত উত্তীৰ্ণ হয় । চলিত বৰ্ষৰ ২৫ জুনত ভাৰকালা অঞ্চলত উপ-আৰক্ষী বিষয়া হৈ আহে আনি । ১০ বছৰ পূৰ্বে যিটো অঞ্চলত আনিয়ে নেমু পানী বিক্ৰী কৰিছিল, আজি সেই অঞ্চলৰ ৰক্ষাৰ দায়িত্ব আনিৰ হাতত ।