অন্য ষ্ট্ৰেইনৰ তুলনাত হাওঁফাওঁৰ কোষত বাস কৰাৰ প্ৰৱণতা অধিক ডেল্টা প্লাছ ভেৰিয়েন্টৰ

covid hospital 1200 pti 200521 0 0 1624693077

ক’ভিড-১৯ ৰ ডেল্টা প্লাছৰ অন্য ষ্ট্ৰেইনৰ তুলনাত হাওঁফাওঁৰ কোষত বাস কৰাৰ প্ৰৱণতা অধিক । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই মাৰাত্মক ৰোগৰ কাৰণ হ’ব বা অধিক সংক্ৰামক হ’ব । এই কথা জনালে কৰ’না ভাইৰাছৰ কাৰ্যকৰী গ্ৰুপ এনটিএজিআইৰ প্ৰধান ডাঃ এন.কে. অৰোৰাই ।

১১ জুনত প্ৰথমবাৰ এই ডেল্টা প্লাছ ভেৰিয়েন্টৰ অনুসন্ধান পোৱা গৈছিল । বৰ্তমান ডেল্টা প্লাছক লৈ চিন্তিত হৈছে বিশেষজ্ঞসকল । ১২খন ৰাজ্যৰ ৫১ জন লোকৰ শৰীৰত পোৱা গৈছে ডেল্টা প্লাছ । যাৰ ভিতৰত ২১ জনে আক্ৰান্ত মহাৰাষ্ট্ৰৰ।

ডাঃ এন কে অৰোৰাই কয়, “ডেল্টা প্লাছে হাঁওফাঁওৰ শ্লেষ্মা আৱৰণত বাহ সাজে, অন্য ষ্ট্ৰেনৰ তুলনাত এই প্ৰৱণতা অধিক ডেল্টা প্লাছৰ । কিন্তু এইটো এতিয়াও স্পষ্ট নহয় যে ই মানৱ শৰীৰৰ কিমান ক্ষতি কৰিব । অত্যধিক সংক্ৰামক হয় নে নহয় সেয়াও স্পষ্ট নহয় ।”

তেওঁৰ মন্তব্য, “যিসকলৰ শৰীৰত এক বা দুটা ভেকচিনৰ পালি থাকে তেওঁলোকৰ শৰীৰত ডেল্টা প্লাছ হোৱাৰ সম্ভাৱনা কম । আনকি কে’বাজানৰো শৰীৰত উপসৰ্গও পোৱা নাছিল ।  অৰ্থাৎ ভেকচিন গ্ৰহণ কৰাৰ পাছত কৰ’না হ’লেও সিমান মাৰাত্মক ৰূপ ধাৰণ নকৰাৰ প্ৰমাণ পোৱা গৈছে । এই মুহূৰ্তত আমি কিমান দ্ৰুতগতিত সংক্ৰমণ ঘটিছে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব !”

ডেল্টা প্লাছৰ ফলতেই দেশত কৰ’নাৰ তৃতীয় ঢৌ হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অৰোৰাই কয়, “এতিয়াই চূড়ান্তভাৱে কোৱাটো কঠিন । কৰ’নাৰ নতুন প্ৰজাতিৰ ফলতেই এটাৰ পাছত এটা ঢৌ আহি আছে । কৰ’নাই নিজকে মিউটেছন কৰি যি ৰূপ ধাৰণ কৰিব, সেয়াই প্ৰতিফলিত হ’ব । এই সামান্য তথ্যৰ ভিত্তিত ক’ব নোৱাৰি যে ডেল্টা প্লাছ তৃতীয় ঢৌৰ কাৰণ হৈ পৰিব ।”

Exit mobile version