ভাৰতৰ প্ৰথম মহিলা সাঁতোৰবিদ হিচাপে অলিম্পিক্সত অংশগ্ৰহণ কৰিব মান্না পেটেলে

maana

প্ৰথম ভাৰতীয় মহিলা হিচাপে আসন্ন ট’কিঅ’ অলিম্পিক্সত অংশগ্ৰহণ কৰিব মান্না পেটেলে । ২১ বছৰীয়া এইগৰাকী সাঁতোৰবিদক ‘ইউনিভাৰ্চিটি কোটা’ৰ পৰা অলিম্পিক্সত অংশগ্ৰহণ কৰাৰ অনুমোদন পত্ৰ দিছে ভাৰতীয় সাঁতোৰ সংস্থাই । তেওঁ এশ মিটাৰ বেকষ্ট্ৰ’ক বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব ।

অলিম্পিক্সৰ টিকট লাভ কৰিবৰ বাবে কিৰেণ ৰিজিজু আৰু ছাই (স্প’ৰ্টছ অথ’ৰিটী অৱ ইণ্ডিয়া)ৰ পৰা শুভেচ্ছা লাভ কৰিছে মান্নাই । মান্নাই কয়, ‘খবৰটো লাভ কৰাৰ পাছতে মূৰ ঘূৰি আছে । দেশ-বিদেশৰ কিমান ক্ৰীড়াবিদক অলিম্পিক্সত অংশগ্ৰহণ কৰা দেখিছো । এইবাৰ বিশ্বৰ বৃহত্তম প্ৰতিযোগিতাত মোৰ নামো লিখা থাকিব । শ্ৰেষ্ঠ খেলুৱৈসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিম, এইটো ভাবিয়ে বহুত ভাল অনুভূতি হৈছে ।’

শ্ৰীহৰি নটৰাজ আৰু সজন প্ৰকাশে ইতিমধ্যে ‘এ’ লেবেল অৰ্জন কৰি অলিম্পিক্সৰ অনুমোদন পত্ৰ লাভ কৰিছে । এইবাৰ ভাৰতীয় দলৰ তৃতীয় সদস্য হিচাপে জাপানত যাব আহমেদাবাদৰ এই যুৱতীগৰাকী ।

২০১৯ত ভৰিত আঘাত পোৱাৰ বাবে বহু মাহ ধৰি পানীত নামিব পৰা নাছিল মান্নাই । সাঁতোৰবিদগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে উজবেকিস্তান অ’পেন ছুইমিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোকে চমক দিয়ে । বেকষ্ট্ৰ’কত ১.০৪.৪৭ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰি স্বৰ্ণ পদক জয় কৰে মান্নাই । ইয়াৰ পাছৰ পৰা তেওঁ পাছলৈ উভতি চোৱা নাই ।

মান্না‌ৰ মতে এই আঘাতে তেওঁক মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিছে । তেওঁৰ প্ৰতিক্ৰিয়া, ‘আঘাত পালেও ভাঙি পৰা নাই । সুস্থ হোৱাৰ পাছতে বিগত বৰ্ষত আৰু এইবাৰ তলাবন্ধত নিয়মিত অনুশীলন কৰিছো । ফলত সফলতা লাভ কৰিছো । উজবেকিস্তানত স্বৰ্ণ জয় কৰিও ম‌ই সুখী নহয় । ১.০৪.৪৭ ছেকেণ্ড ভাল । কিন্তু অলিম্পিক্সত পদক জয় কৰিবৰ বাবে গতি বঢ়াব লাগিব ।’

অলিম্পিক্সত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইটালী আৰু ছাৰ্বিয়ৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিছে মান্নাই । তেওঁ ভাবে ভালদৰেই প্ৰস্তুতি আগবাঢ়িছে । ছাৰ্বিয়াত বেকষ্ট্ৰ’কত ১.০৩ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰি নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে মান্নাই । কিন্তু পদক জয় কৰিবৰ বাবে তেওঁৰ লক্ষ্য ১.০২ ছেকেণ্ড ।

অৱশেষত তেওঁ কয়, ‘অলিম্পিক্সত ভাল ফলাফল কৰিব বিচাৰো । সেয়ে ১.০২ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰাই মোৰ লক্ষ্য । তদুপৰি ২০২৩ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছতো আছেই । তাতেও পদক জয় কৰিব বিচাৰো ।’

Exit mobile version