বজালী জিলাৰ তিতকা গাঁৱত এটি পৰিয়ালৰ কৰোঁ গাঁথা । দুৰ্ঘটনা সংঘটিত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত পাঁচ কণমানি সন্তানক বুকুত সাৱটি নিজৰ জীৱন সংগ্ৰাম চলাইছে দুৰ্ভগীয়া মনিকা চৌধুৰীয়ে।
ই-ৰিক্সা চলাই নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া স্বামী ধৰ্মেন্দ্ৰ চৌধুৰীৰ যোৱা ২৮ মে’তাৰিখে সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যু ঘটে। স্বামীৰ মৃত্যুৰ পাছৰে পৰাই পাঁচ কণমানিক বুকুত সাৱটি পৰিয়ালটো পোহ-পাল দি আছে মনিকাই।
স্বামীৰ মৃত্যুৰ পাছৰে পৰা ঘোৰ অমানিশা নামি আহিছে পৰিয়ালটোলৈ। চকু পানীৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া মনিকাৰ।বিভিন্নজনৰ সহায় সহযোগিতাৰে নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া মনিকা চৌধুৰীৰ দুৰ্দশা কথা অৱগত হৈ আজি পৰিয়ালটোৰ কাষত উপস্থিত মন্ত্ৰী তথা পাটাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাস ।
পৰিয়ালটোৰ কাষত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোৰ দুৰৱস্থা কথা বুজ লয়। পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী অৱাস যোজনাৰ জৰিয়তে এটি গৃহ লাভ কৰিছিল যদিও টকাৰ অভাৱত সম্পূৰ্ণ কৰিব নোৱাৰিলে ঘৰটো ।
প্লাষ্টিকৰ চালেৰে এটি সৰু পাকঘৰ বনাইছিল যদিও বৰষুণ আহিলে পানী সৰকি পৰে । ইপিনে উজলা আঁচনিৰ গেছ লাভ কৰিছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে ছিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰে । পৰিয়ালটোৰ এই দুৰ্ভিসহ জীৱন নিজ চকুৰে প্ৰত্যক্ষ কৰি ৰনজিৎ দাসে মনিকা চৌধুৰীৰ হাতত তুলি দিয়ে কিছু আৰ্থিক সাহাৰ্য্য ।
ভৱিষ্যতৰ দিনত পৰিয়ালটোৰ ক্ষেত্ৰত সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে মন্ত্রী ৰনজিৎ দাসে ।