এইবাৰো বাতিল পুৰীৰ ৰথযাত্ৰা। পূজা কৰিব লাগিব জগন্নাথৰ মন্দিৰতেই । কোনো ভক্তৰ সমাগম নহ’ব । কৰ’না আক্ৰান্তৰ সংখ্যা সামান্য কম হলেও উচ্চতম ন্যায়ালয়ে ৰথ যাত্ৰাত ৰেহাই দিবলৈ সাজু নহয় ।
পুৰীৰ বাহিৰে উৰিষ্যাৰ কোনো ঠাইত ৰথযাত্রা পালন কৰিবলৈ নিৰ্দেশ দিয়া নাই উচ্চতম ন্যায়ালয়ে । ১২ জুলাইত অনুষ্ঠিত হ’ব ৰথ যাত্ৰা । উৰিষ্যাক কেন্দ্ৰ কৰি সমগ্র দেশত ৰথযাত্ৰা উদযাপন কৰা হয় । ভক্তসকলে ৰথৰ ৰছী টানিবলৈ ভিৰ কৰে । কিন্তু এইবাৰো, উচ্চতম ন্যায়ালয় বিগত বৰ্ষৰ দৰে ৰথযাত্ৰা বাতিল কৰিলে ।
বিগত বৰ্ষতো ৰথ যাত্ৰা বাতিল কৰা হৈছিল । পুৰীৰ পৰম্পৰাগত ৰথ যাত্ৰাৰ চকা একেৰাহে দুবছৰলৈ নুঘূৰিল । উৰিষ্যাৰ বিভিন্ন স্থানত ৰথ যাত্ৰা পালন কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল । কিন্তু শীৰ্ষ ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰে ।