ধুবুৰীৰ গৌৰীপুৰত নিচাজাতিও সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ মহিলা

WhatsApp Image 2021 07 09 at 7.37.26 PM

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছিল ড্ৰাগছ বিৰোধী অভিযান।

জব্দ হৈছিল কোটি কোটি টকাৰ ব্ৰাউন চুগাৰ, নিচাজাতিও টেবলেট, কফ চিৰাফ আনকি ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি গুলিচালনা লৈকে কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে তাৰ পাছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰোমৰমীয়া বেহা।

সমগ্ৰ ৰাজ্যৰ সমান্তৰাল ভাৱে ধুবুৰী আৰক্ষীয়েও জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ, নিচাজাতিও টেবলেট, কফ চিৰাফ গ্ৰেপ্তাৰ কৰিছিল কেবাজনো ড্ৰাগছ মাফিয়াক।

কিন্তু তাৰ পাছতো আৰক্ষীৰ কঠোৰতাক গুৰুত্ব নিদি ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় ।তেনে এক গোপন খবৰৰ ভিত্তিত আজি গৌৰীপুৰ আৰক্ষী আৰু চি আৰ পি এফ ৰ যৌথ অভিযানত দক্ষিণ টিয়ামাৰী দ্বিতীয় খণ্ডত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতিও টেবলেট , কফ চিৰাফ ।

সহৰভান বিবিক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা সহৰভান বিবিয়ে উক্ত অঞ্চলত নিচাজাতিও সামগ্ৰী বিক্ৰী কৰি সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছিল।

Exit mobile version