শেষ হৈছে কৰ’নাৰ ক’ভিশ্বিল্ড ভেকছিন । ফলত দিল্লীত চৰকাৰৰ দ্বাৰা পৰিচালিত অধিকাংশ টিকাকৰণ কেন্দ্ৰ মঙলবাৰে বন্ধ থাকিব । সোমাবাৰে এই কথা জনাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াই । পৰ্যাপ্ত টিকাৰ অভাৱৰ বাবে সোমবাৰে ৰাজধানীত টিকাকৰণ আন দিনৰ তুলনাত বহুত কম ।
পৰ্যাপ্ত টিকাৰ অভাৱৰ সন্দৰ্ভত সোমাবাৰে উপ মুখ্যমন্ত্ৰী চিছোডিয়াই টুইত কৰে, ‘পুনৰ দিল্লীত ভেকছিন শেষ হৈ গৈছে । কেন্দ্ৰই দিয়া ভেকছিন এদিন বা দুদিন চলিব। তাৰ পাছত পুনৰ কে’বাদিনো বন্ধ থাকিব । আৰম্ভ হোৱাৰ ইমান দিন পাছতো কিয় দেশত টিকাকৰণ কাৰ্যসূচীত ব্যাঘাত জন্মিছে ?’
दिल्ली में वैक्सीन फिर ख़त्म हो गई है… केंद्र सरकार एक दो दिन की वैक्सीन देती है, फिर हमें कई दिन वैक्सीन केंद्र बंद रखने पड़ते हैं.
केंद्र सरकार की क्या मजबूरी है…इतने दिन बाद भी हमारे देश का वैक्सीन प्रोग्राम लड़खड़ा कर क्यूँ चल रहा है? pic.twitter.com/rXJEBQJRtt
— Manish Sisodia (@msisodia) July 12, 2021
টিকাৰ অভাৱৰ বিষয়টোক লৈ আগতেও সৰৱ হৈছিল দিল্লী । ২১ জুনত সমগ্ৰ ৰাজ্যক বিনামূলীয়া টিকা দিয়াৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰই । তাৰ পাছতো কিছুদিন ধৰি টিকাকৰণ স্থগিত হৈ আছিল। টিকাকৰণৰ অভাৱ যোৱা কেইসপ্তাহমানত কেৱল দিল্লীতে নহয় সমগ্ৰ দেশতে দেখা গৈছে।
ক’-উইন প্লেটফৰ্মৰ তথ্য অনুসৰি, ২১ ৰ পৰা ২৭ জুনৰ ভিতৰত দেশত গড়ে ৬১.১৪ লাখ লোকে প্ৰতিষেধক লাভ কৰিছে। ২৮ জুনৰ পৰা চাৰি জুলাইৰ ভিতৰত এই সংখ্যা ৪১.৯২ লাখলৈ হ্ৰাস পাইছিল। যোৱা সপ্তাহত টিকাকৰণ আৰু হ্ৰাস পায় ৩৪.৩২ লাখলৈ ।






























