কান্দাহাৰ সংঘৰ্ষত নিহত পুলিৎজাৰ জয়ী ভাৰতীয় চিত্ৰসাংবাদিক দানিশ ছিদ্দিকি

utjqkjd4 danish siddiqui

কান্দাহাৰত নিহত পুলিৎজাৰ জয়ী ভাৰতীয় চিত্ৰসাংবাদিক দানিশ ছিদ্দিকি । কিছুদিন পূৰ্বেই কান্দাহাৰৰ অশান্ত পৰিস্থিতিৰ ছবি তুলিবলৈ গৈছিল দানিশ । তেওঁ আফগান সেনাবাহিনীৰ স’তে থাকি কাম কৰিছিল । সোমবাৰে সংবাদ সংস্থাই জনায়, কান্দাহাৰৰ স্পিন বোলডাক জিলাত সংঘৰ্ষত পৰি নিহত হয় দানিশ ।

আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰধান চিত্ৰসাংবাদিক আছিল দানিশ । টুইটাৰত এজন সাংবাদিকে দিয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দানিশ । তেওঁ আফগান সেনা শিবিৰতে আছিল । তেওঁক আহত অৱস্থাতে শিবিৰত এৰি থৈ আফগান সেনাবাহিনীয়ে তালিবান বিৰোধী অভিযানত যায় । কিন্তু শুকুৰবাৰে পুৱা পুনৰ তালিবানে আক্ৰমণ কৰে আফগান সেনাবাহিনীক । ঘটনাস্থলিতে মৃত্যু হয় দানিশৰ । সাংবাদিকজনে সামাজিক মাধ্যমত জনাইছে যে, দানিশৰ দেহাৱশেষৰ ছবিয়ো লাভ কৰিছে তেওঁলোকে । কিন্তু তেওঁলোকে ছবিটো প্ৰকাশ কৰা নাই ।

দানিশৰ ঘৰ মুম্বাইত । তেওঁৰ বয়স আছিল ৪০ বছৰ । তেওঁ জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিল । টেলিভিছন সাংবাদিক হিচাপে যাত্ৰা আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত চিত্ৰসাংবিকতাকে কৰ্মজীৱন হিচাপে বাচি লয় । ২০১০ত ৰয়টাৰ্ছত শিক্ষানবীশ চিত্ৰ সাংবাদিক হিচাপে যোগ দিয়ে । ইয়াৰ ছবছৰৰ ভিতৰতে ইৰাকৰ মুছলৰ যুদ্ধৰ ফটো সংগ্ৰহ কৰিবলৈ যায় দানিশ । ২০১৫ৰ নেপালৰ ভূমিকম্পৰো ফটো তোলে । ২০১৯-২০ত হংকং প্ৰতিবাদ, ২০২০ত দিল্লীৰ সংঘৰ্ষৰ ছবিও তুলিছিল চিত্ৰসাংবাদিকজনে ।

তেওঁ ভাৰতৰ প্ৰথম পুলিৎজাৰ জয়ী চিত্ৰসাংবাদিক । ২০১৮ত সহকৰ্মী আদনান আবিদিৰ স’তে ফিচাৰ ফটোগ্ৰাফিত পুলিৎজাৰ পুৰস্কাৰ লাভ কৰিছিল দানিশে । তেওঁ ভাৰতৰ ৰয়টাৰ্ছৰ আলোকচিত্ৰ সংগ্ৰহকাৰী দলৰ প্ৰধান আছিল ।

Exit mobile version