প্ৰতিষেধক গ্ৰহণ কৰা ৮০ শতাংশ ভাৰতীয়ই ডেল্টা প্ৰজাতিত আক্ৰান্ত হৈছিল : আইচিএম‌আৰ

AFP 98W7JC 1619682046311 1626407468526

প্ৰতিষেধক গ্ৰহণ কৰা ৮০ শতাংশ ভাৰতীয়ই ক’ভিডৰ ডেল্টা প্ৰজাতিত আক্ৰান্ত হৈছিল । সমগ্ৰ দেশে কৰ’নাত বিধ্বস্ত হৈ থকাৰ সময়তে আইচিএম‌আৰৰ এই সমীক্ষাই উদ্বেগ বৃদ্ধি কৰিছে ।

সমীক্ষা অনুসৰি, প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত যিসকলে ক’ভিডৰ ডেল্টা প্ৰজাতিত আক্ৰান্ত হৈছে তেওঁলোকৰ ৯.৮ শতাংশ‌ই হাস্পতালত ভৰ্তি কৰোৱা হৈছে । অৰ্থাৎ সংক্ৰমিত হ’লেও প্ৰতিষেধক গ্ৰহণ কৰাৰ ফলত ই সৰ্বিকভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিব পৰা নাই । ফলত হাস্পতালত ভৰ্তি কৰোৱাৰ হাৰ হ্ৰাস পাইছে ।

যোৱা এপ্ৰিল-মে’ত ডেল্টা প্ৰজাতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । ফলত দেশজুৰি হাহাকাৰ লাগিছিল । কিন্তু আইচিএম‌আৰৰ সমীক্ষা অনুসৰি, দ্বিতীয় ঢৌৰ সময় পৰ্যন্ত যিয়ে অন্ততঃ এটা প্ৰতিষেধক গ্ৰহণ কৰিছিল, তেওঁলোক ডেল্টা প্ৰজাতিত আক্ৰান্ত হ’লেও গুৰুত্বৰ পৰিস্থিতিৰ সৃষ্টি নহয় । ১৭খন ৰাজ্যৰ ক’ভিডত আক্ৰান্ত ৬৭৭ জনৰ ওপৰত সমীক্ষা চলাইছিল আইচিএম‌আৰে । সমীক্ষাত পোৱা গৈছে যে তেওঁলোকৰ ভিতৰত ৭১ শতাংশৰে এক বা একাধিক উপসৰ্গ আছিল । ২৯ শতাংশ উপসৰ্গহীন আছিল ।

বিশেষজ্ঞসকলে অনুমান কৰিছে যে, দেশত আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰত ক’ভিডৰ তৃতীয় ঢৌ আহিব পাৰে । দ্বিতীয় ঢৌৰ দৰে ভয়াবহ পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে টিকাকৰণৰ পৰামৰ্শ দিছে তেওঁলোকে ।

Exit mobile version