তিনি দিনত দ্বিতীয়বাৰ হ্ৰাস পালে সোণৰ মূল্য

gold5 1626841957628

সোণৰ মূল্য নিম্নগামী । বৃহস্পতিবাৰে পুনৰ কমিল এই মূল্যৱান ধাতুৰ মূল্য । বিগত তিনি দিনত এইটো দ্বিতীয়বাৰ ।

মাল্টি ক’ম’ডিটী ইণ্ডেক্সৰ হিচাপ অনুযায়ী, বৃহস্পতিবাৰে ১০ গ্ৰাম সোণৰ মূল্য ৪৭ হেজাৰ ৪৫০ টকা । আন্তৰ্জাতিক বজাৰত সোণৰ মূল্য বৃদ্ধি হৈছিল ।

এসময়ত অভাৱনীয়ভাৱে সোণৰ মূল্য বৃদ্ধি হৈছিল । কিন্তু বিগত সপ্তাহৰ পৰা আন্তৰ্জাতিক বজাৰত সোণৰ মূল্য নিম্নগামী হয় । এইটোৱেই সোণ ক্ৰয় কৰাৰ উৎকৃষ্ট সময় বুলি মত পোষণ কৰে একাংশ বিশেষজ্ঞ‌ই ।

সম্প্ৰতি বিয়াৰ বতৰ । ফলত সোণৰ মূল্য হ্ৰাস মধ্যবিত্তসকলৰ বাবে সুখবৰ । ৰূপৰো মূল্য হ্ৰাস পাইছে । এক কেজি ৰূপৰ মূল্য সম্প্ৰতি ৬৭ হেজাৰ ৩৬ টকা ।

বৃহস্পতিবাৰে কলকাতাত ২৪ কেৰেট (পকা সোণ) ১০ গ্ৰাম সোণৰ মূল্য ৪৮ হেজাৰ সাতশ টকা । ২২ কেৰেট (গহনাৰ সোণ) সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৪৬ হেজাৰ দুশ টকা । ২২ কেৰেট হলমাৰ্ক সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৪৬ হেজাৰ নশ টকা ।

Exit mobile version