ক’ভিড’-১৯ৰ ফলত বিধৱা হোৱা ৬৭ গৰাকী মহিলাক বিধৱা আঁচনি প্ৰদান মন্ত্ৰী অতুল বৰাৰ

তিনিচুকীয়া জিলাত ক’ভিড’-১৯ৰ ফলত বিধৱা হোৱা ৬৭ গৰাকী মহিলাক বিধৱা আঁচনিৰ অন্তৰ্গত চেক প্ৰদান কৃষি মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ৷

তিনিচুকীয়া জিলাখনত কভিড’-১৯ ত স্বামীৰ মৃত্যু হোৱা ১৯৫ গৰাকী বিধৱা মহিলা আৰু তাৰে ভিতৰত দিশহাৰ হোৱা ৬৭ গৰাকী মহিলাক প্ৰদান কৰে ২.৫০ লাখ টকাকৈ এককালীন সাহায্য ৷

চেক প্ৰদানৰ লগতে উক্ত বিধৱা মহিলাৰ পৰিয়ালৰ কাষত সদায় ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ সহযোগিতা থাকিব বুলি কৈ সকলোকে ক’ভিড’-১৯ৰ কাৰণে সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই ৷

Exit mobile version