কলগাছিয়াৰ শওপুৰত বেঁকী নৈৰ গৰাখহনীয়া, খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্তৰ

আমগুৰিত নিজৰ ভেটি মাটি ৰক্ষা কৰিবলৈ গছ গছনি, বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে জীৱন মৰণ যুজঁ ৰাইজৰ

 

যোৱা কিছুদিন ধৰি কলগাছিয়াৰ শওঁপুৰ আৰু আমগুৰিত বেঁকী নৈৰ পানী বাঢ়ি অহাৰ লগে লগে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে গাওঁ দুখনৰ কে’বাটাও পৰিয়ালৰ ভেটি মাটি, খেতি পথাৰ উছন কৰাৰ উপৰিও আন বহু পৰিয়াললৈ ভাবুকিৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত গাৱৰ ৰাইজ একত্ৰিত হৈ বিভিন্ন ধৰণৰ গছ গছনি, বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে জীৱন মৰণ স’তে যুজ দিছে ।

ইফালে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষীমি দত্তই উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু অচিৰেই ইয়াৰ এটা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

অচিৰেই বিজ্ঞান সন্মত ভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বিকল্প ৰাজ্যিক ঘাই পথৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বিভিন্ন পক্ষই ।

Exit mobile version