দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত হেমেন দাসে আজি এক নিৰ্দেশনাযোগে গৌৰিপুৰ উন্নয়নখণ্ডৰ ভাৰপ্ৰাপ্ত গাণনিক (এম জি এনৰেগা) অখিৰুল ইছলামক চৰকাৰিৰ পৰা তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বিত কৰিছে ।
উল্লেখযোগ্য গৌৰিপুৰ উন্নয়নখণ্ডৰ এইগৰাকী গাণনিকৰ বিৰুদ্ধে বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ পোৱাৰ পাছতে বিষয়টো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তই অতিৰিক্ত আয়ুক্ত দীতিমণি পেগুক তদন্তৰ দায়িত্ব দিছিল । অতিৰিক্ত আয়ুক্তগৰাকীয়ে গৌৰিপুৰ উন্নয়নখণ্ডলৈ গৈ চৰজমিন তদন্ত কৰি সংশ্লিষ্ট কৰ্মচাৰীজনৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ ভালেমান খেলি-মেলি ধৰা পেলায় ।
অতিৰিক্ত আয়ুক্তগৰাকীয়ে দাখিল কৰা প্ৰতিবেদনৰ পাছত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশত আয়ুক্তগৰাকীয়ে গৌৰিপুৰ উন্নয়নখণ্ডৰ ভাৰপ্ৰাপ্ত গাণনিক অনিৰুল ইছলামক চৰকাৰিৰ পৰা নিলম্বিত কৰে ।