লাভলীনা বৰগোহাঞিৰ টকিঅ’ অলিম্পিকত বিজয়ৰ কামনাৰে দোতমাত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা এবছুৰ

WhatsApp Image 2021 08 03 at 7.16.20 PM

কোকৰাঝাৰ জিলাৰ দোতমাত আজি সন্ধিয়াত এবছুৰ কৰ্মকৰ্তাসকলে বন্তি প্ৰজ্বলন কৰি টকিঅ’ অলিম্পিকত লাভলীনা বৰগোহাঞিয়ে যাতে বিজয়ী হৈ সোণৰ পদক লাভ কৰে তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে দোতমা আঞ্চলিক এবছুৰ সভাপতি সঞ্জিব কুমাৰ ব্ৰহ্মৰ লগতে অইন অইন কৰ্মকৰ্তাসকল।

উক্ত অনুষ্ঠানত উপস্থিত থাকি দোতমা আঞ্চলিক এবছুৰ সভাপতি সঞ্জীব কুমাৰ ব্ৰহ্মই কয় যে লাভলীনা বৰগোহাঞিয়ে যাতে টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু লাভলীনা বৰগোহাঞিলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।

Exit mobile version