প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা পদৰ পৰা পদত্যাগ দিলে প্ৰবীণ আমোলা অমৰজিৎ সিঙে । ২০১৯ত দ্বিতীয়বাৰ মোদী চৰকাৰ ক্ষমতাত অহাৰ পাছত অমৰজিৎ তৃতীয় ব্যক্তি, যিয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পদত্যাগ কৰিছে ।
বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত অমৰজিৎ সিং আৰু ভাস্কৰ খুলবেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পদত নিযুক্ত কৰা হৈছিল । অমৰজিৎ আৰু ভাস্কৰ দুয়োৱে ১৯৮৩ বৰ্ষৰ আই এ এছ অফিচাৰ । অমৰজিৎ বিহাৰ কেডাৰৰ, ভাস্কৰ পশ্চিমবংগ কেডাৰৰ । অমৰিজিতে গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে ।
ভাস্কৰে অৱসৰ গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীৰ সচিব হিচাপে । ইয়াৰ পাছত দুয়োজনকে একেলগে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত, দুবছৰৰ বাবে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছিল । অমৰজিতক সামাজিক প্ৰকল্পৰ কাম পৰ্যৱেক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছিল । কিন্তু, কিয় ম্যাদ সম্পূৰ্ণ হোৱাৰ আগতেই অৱসৰ গ্ৰহণ কৰিলে, তাৰ বিষয়ে কোনো তথ্য পোৱা নাই ।
২০১৯ত দ্বিতীয়বাৰ মোদী চৰকাৰ দায়িত্বত অহাৰ আৰম্ভণিতেই আস্থাভাজন হিচাপে পৰিচিত প্ৰধানমন্ত্ৰীৰ প্ৰিন্সিপাল ছেক্ৰেটেৰী নৃপেন্দ্ৰ মিশ্ৰই পদত্যাগ কৰিছিল । পৰৱৰ্তী সময়ত নৃপেন্দ্ৰক অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কমিটিৰ প্ৰধান হিচাপে নিয়োগ কৰা হয় । ইয়াৰ পাছত যোৱা মাৰ্চত প্ৰধানমন্ত্ৰীৰ প্ৰিন্সিপাল উপদেষ্টা পদৰ পৰা পদত্যাগ কৰে পি কে সিনহাই ।
কেবিনেট সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিৰ পাছত পি কে সিনহাৰ বাবেই প্ৰিন্সিপাল উপদেষ্টাৰ পদ তৈয়াৰ কৰি তেওঁক নিয়োগ কৰা হৈছিল । নৃপেন্দ্ৰ মিশ্ৰ আৰু পি কে সিনহাৰ পাছত এইবাৰ অমৰজিতৰ পদত্যাগে আমোলা মহলত প্ৰশ্ন উত্থাপন কৰিছে ।