দৈনিক ৪০ খন ৰুটি খাইছিল এটি ১২ বছৰীয়া শিশুৱে । ফলত শিশুটিৰ শৰীৰত অভাৱনীয়ভাৱে শৰ্কৰাৰ পৰিমাণ ১,২০৬ মিলিগ্ৰাম বৃদ্ধি পাই জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছিল । শৰীৰৰ শৰ্কৰাৰ পৰিমাণ ১,২০৬ মিলিগ্ৰাম বৃদ্ধি পোৱাৰ ফলত দৃষ্টি হেৰাই যোৱাৰ লগতে শিশুটিৰ বহু অংগ-প্ৰত্যংগ বিকল হৈ পৰিছিল । অতি জটিল অৱস্থাত পৰিয়ালে শিশুটিক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকৰ প্ৰচেষ্টাত অৱশ্যে শিশুটি বিপদমুক্ত হৈছে ।
ৰুটিৰ বাবেই জীৱন বিপদাপন্ন হোৱা শিশুটি হৈছে মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ খোড় গাঁৱৰ নিবাসী সন্দীপ আদিবাসী । পৰিয়ালৰ লোকে জনাইছে যে সন্দীপে ক্ৰমাৎ দৃষ্টিশক্তি হেৰুৱাবলৈ আৰম্ভ কৰিছিল । এদিন শিশুটি ঘৰতে অজ্ঞান হৈ পৰে । তাৰ পাছতে পিতৃ বনৱাৰী আদিবাসীয়ে পুত্ৰক এখন বেচৰকাৰী হাস্পতাললৈ নিয়ে ।
তেতিয়াই চিকিৎসকে পৰীক্ষা কৰি দেখে যে ১২ বছৰীয়া সন্দীপৰ তেজত শৰ্কৰাৰ মাত্ৰা ১,২০৬ মিলিগ্ৰাম । চিকিৎসকসকলে জনাইছে যে শিশুটিক যেতিয়া হাস্পতাললৈ অনা হৈছিল, তেতিয়া কেৱল শ্বাস-প্ৰশ্বাসহে চলি আছিল । শৰীৰৰ বহু অংগই ইতিমধ্যে কাম কৰিবলৈ বন্ধ কৰিছিল ।
হাস্পতালখনৰ চিকিৎসক ডাঃ দীপক গৌতমে প্ৰসংগত কয়, ‘তেজত শৰ্কৰাৰ মাত্ৰা অস্বাভাৱিক পৰিমাণে বাঢ়ি যোৱাই কেৱল নহয়, সন্দীপৰ মূৰত পূঁজ-তেজ গোট মাৰিছিল । অনন্ত ৰাখোড় নামৰ এজন শল্য চিকিৎসকে মূৰৰ পৰা ৭২০ মিলিগ্ৰাম তেজ-পূঁজ বাহিৰ কৰে ।’
আনহাতে, শল্য চিকিৎসক ৰাখোড়ে কয়, ‘মূৰত তেজ-পূঁজ গোট মৰাৰ ফলতে সন্দীপ অজ্ঞান হৈ পৰিছিল । একে কাৰণতে দৃষ্টিশক্তিও বহুখিনি হ্ৰাস পাইছিল । তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ বাবে প্ৰতিদিনে শুটিক ছয় ইউনিটকৈ ইনছ্যুলিন দিয়া হৈছিল ।’
চিকিৎসকসকলে লগতে জনাইছে যে লাহে লাহে তেজত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক হোৱাৰ পাছতহে সন্দীপৰ চকু পৰীক্ষা কৰি চিকিৎসা আৰম্ভ হয় । যিমান সম্ভৱ সোনকালে সন্দীপৰ চকুৰ অস্ত্ৰোপচাৰ কৰা হয় । অৱশেষত সন্দীপে নিজৰ দৃষ্টিশক্তি ঘূৰাই পাবলৈ সক্ষম হৈছে ।