মাৰ্কিন সেনাৰ প্ৰস্থানৰ পাছত ক্ৰমে আফগানিস্তানত শক্তিশালী হৈ উঠিছে তালিবান সন্ত্ৰাসবাদী । এইবাৰ তালিবানে বোৰ্খা পৰিধান নকৰাৰ অপৰাধত গুলিবৰ্ষণ কৰিলে এগৰাকী ২১ বছৰীয়া যুৱতীক ।
ADVERTISEMENT
‘আফগানিস্তান টাইমছ’ৰ বাতৰি অনুসৰি, তালিবানৰ আক্ৰমণৰ সন্মুখীন হোৱা নাজনিন নামৰ যুৱতীগৰাকী বলখ জিলাৰ নিবাসী । অৱশ্যে নাজনিনৰ অথমপি প্ৰাণৰক্ষা পৰে ।
উল্লেখ্য যে তালিবান সন্ত্ৰাসবাদীয়ে আফগানিস্তানৰ সৰহসংখ্যক অঞ্চল নিজৰ দখললৈ অনাৰ পাছত মহিলাৰ ওপৰত পুনৰ দমনমূলক কৰ্মকাণ্ড সংঘটিত কৰিব ধৰিছে ।