প্রয়ােজনীয় পৰামৰ্শৰে কেন্দ্ৰ-ৰাজ্যলৈ পত্র মনােচিকিৎসক সংস্থাৰ ,মানসিকভাৱে অৱসাদগ্রস্ত হৈছে ছাত্র-ছাত্রী

ক’ভিড পৰিস্থিতিত কেনেকৈ পুনৰ খুলিব বিদ্যালয় ?

AK103966 0

দেশজুৰি সকলাে বিদ্যালয়-মহাবিদ্যালয় ছাত্র-ছাত্রীৰ বাবে পুনৰ মুকলি কৰিবলৈ আহ্বান জনাই এইবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ পত্র প্ৰেৰণ কৰিলে মনােচিকিৎসক সংগঠন ‘ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটি’য়ে। অতিমাৰীৰ পৰিস্থিতিত বিগত এবছৰৰ অধিক সময় ধৰি দেশৰ প্ৰায়বােৰ শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ ফলত মানসিকভাৱে অৱসাদগ্রস্ত হৈছে ছাত্র- ছাত্রীসকল। বিশেষকৈ বিদ্যালয়ত অধ্যয়নৰত কম বয়সীয়া ছাত্র-ছাত্রীসকল মানসিকভাৱে ভাগি পৰিছে।

ছাত্র-ছাত্রীৰ এনে মানসিক দিশৰ প্রতি লক্ষ্য ৰাখি ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষার্থীৰ বাবে পুনৰ মুকলি কৰাৰ পােষকতা কৰিলে দেশৰ শীর্ষ মনােচিকিৎসকৰ সংগঠনটোৱে। প্রাক-প্রাথমিক শিক্ষার্থীৰ বাবে সপ্তাহত দুদিন, প্রথম শ্রেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষার্থীৰ বাবে তিনিদিন আৰু নৱম-দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত পাঁচদিন (সােমবাৰৰ পৰা শুকুৰবাৰলৈ) শিক্ষানুষ্ঠানসমূহ খােলা ৰখাৰ পৰামর্শ দিলে ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে।

কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰানী, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্রীয় স্বাস্থ্য-পৰিয়াল কল্যাণ মন্ত্রী মনসুখ মাণ্ডভিয়ালৈ পত্র লিখি এই পৰামর্শ দিলে মনােৰােগ বিশেষজ্ঞৰ সংস্থাটোৱে। লগতে দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকো সংস্থাটোৱে পত্ৰ প্ৰেৰণ কৰিলে। ক’ভিডৰ দ্বিতীয় টৌ ক্রমে স্তিমিত হলেও দেশত সম্ভাৱ্য তৃতীয় টৌক লৈ শংকা অব্যাহত আছে।

তদুপৰি দেশৰ একাংশ ৰাজ্যত কৰনাৰ সংক্রমণ এতিয়াও যথেষ্ট উদ্বেগজনক হৈ আছে। এই পৰিস্থিতিত ক’ভিড বিধি পালন কৰি সকলাে সতর্কতা অৱলম্বনৰে কেনেকৈ আৰু কিদৰে দেশৰ বিদ্যালয়, মহাবিদ্যালয়সমূহ পুনৰ শিক্ষার্থীৰ বাবে মুকলি কৰিব পাৰি, এই বিষয়ত প্রয়ােজনীয় কিছু পৰামর্শ মনােচিকিৎসকৰ সংস্থাটোৱে চৰকাৰক আগবঢ়ায়। বিশেষজ্ঞ মহলৰ পৰামর্শ অনুসৰি, ৫০ শতাংশ শিক্ষার্থীক লৈ বিদ্যালয়ত বৰ্তমানৰ পৰিস্থিতিত পাঠদান আৰম্ভ কৰিব পাৰি।

যিসকলৰ ৰােল নম্বৰ যুগ্ম সংখ্যা, তেওঁলােকে এদিন বিদ্যালয়লৈ আহিব আৰু অন্যান্য অর্থাৎ অযুগ্ম ৰােল নম্বৰৰ শিক্ষার্থীসকলে ঘৰতে থাকি অনলাইনত পাঠগ্রহণ কৰিব। আকৌ পিছদিনা অযুগ্ম ৰােল নম্বৰৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিব আৰু যুগ্ম ৰােল নম্বৰৰ শিক্ষার্থীয়ে ঘৰত থাকি অনলাইনত পাঠগ্ৰহণ কৰিব। বিদ্যালয়ৰ শিক্ষাদানৰ ক্ষেত্ৰত এই পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞ সংস্থাটোৱে।

বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰিলে সেই ক্ষেত্ৰত নিয়মমাফিক ছাত্র-ছাত্রী আৰু শিক্ষক-কর্মীৰ শৰীৰৰ তাপমাত্রা মাপ কৰাটো জৰুৰী হ’ব। কোনাে শিক্ষার্থী বা কৰ্মীৰ শৰীৰত উপসর্গ ধৰা পৰিলে লগে লগে উক্ত ব্যক্তিৰ ক’ভিড পৰীক্ষণৰ বাবে শিক্ষানুষ্ঠানত ৰেপিড এন্টিজেন টেষ্ট কিট মজুত ৰাখিব লাগিব। ক’ভিড উপসর্গ চিহ্নিতকৰণৰ বাবে শিক্ষানুষ্ঠানৰ কর্মীক প্রশিক্ষণ প্রদানাে জৰুৰী হ’ব। শ্ৰেণীকোঠাৰ খিৰিকী, দুৱাৰ খােলা ৰখাৰ লগতে চকী, মেজ, বেঞ্চসহ সকলাে সামগ্রী সঘনাই ‘ছেনিটাইজ’ (বীজাণুনাশ) কৰিবলৈকো সংস্থাটোৱে পত্ৰত পৰামর্শ দিছে।

এই পত্ৰত ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উদ্দেশি এইদৰে কয়, ‘অতিমাৰীৰ পৰিস্থিতিত অনলাইনত অধ্যয়ন কৰা আৰু খেলা- ধূলা বন্ধ হৈ থকাত শিশুসকলৰ শৰীৰ আৰু মনত যথেষ্ট প্রভাৱ পৰিছে। একেৰাহে ম’বাইল ফোন আৰু কম্পিউটাৰৰ স্ক্রীণলৈ চাই থকাৰ ফলত বহু শিক্ষার্থীৰ দৃষ্টিশক্তিৰ সমস্যাই দেখা দিছে। মূৰৰ বিষৰ দৰে উপসর্গয়াে অনেকৰ মাজত দেখা দিছে।

ঘৰৰ বাহিৰলৈ সংক্ৰমণৰ ভয়ত নােলােৱাৰ ফলত বহু শিশুৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱাে ঘটিছে। ম’বাইলত গেম খেলা আৰু পর্ণ আসক্ত হােৱাৰ প্ৰৱণতাও দেশৰ শিশুৰ মাজত ক’ভিড পৰিস্থিতিত যথেষ্ট বৃদ্ধি পাইছে। অনলাইন। পাঠগ্রহণৰ পৰিণতিত ছাত্র-ছাত্রীয়ে স্মার্টফোন ব্যৱহাৰ কৰিবলৈ সুযােগ পাইছে আৰু একাংশ শিক্ষার্থীয়ে হাতত থকা স্মার্টফোনৰ অপব্যৱহাৰ কৰিছে। এই বিষয়সমূহৰ প্রতি লক্ষ্য ৰাখি প্রয়ােজনীয় সতর্কতা অৱলম্বন আৰু বিধি পালনৰে শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষার্থীৰ বাবে পুনৰ মুকলি কৰাটো জৰুৰী হৈছে।

ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে বর্তমান পৰিস্থিতিত শিক্ষানুষ্ঠানৰ পাঠদানৰ বাদেও শিক্ষার্থীৰ মাজত পাঠ্যক্রম বহিভূর্ত বিভিন্ন অনুষ্ঠানৰ আয়ােজন কৰিবলৈ পত্রযােগে চৰকাৰক পৰামর্শ দিছে। তদুপৰি দীর্ঘদিন ধৰি ঘৰতে আবদ্ধ হৈ থকা শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্যৰ প্রতি লক্ষ ৰাখি মাজে সময়ে বিদ্যালয়ৰ জৰিয়তে ‘কাউন্সেলিং’ৰ ব্যৱস্থা কৰিবলৈকো সংগঠনটোৱে পত্ৰত দিহা দিছে।

Exit mobile version