জনজাতিকৰণৰ দাবীত হাতে হাতে প্লেকাৰ্ড-নাগৰা-মাদল লৈ আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

আদিবাসীৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী আছাৰ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া শালবাৰীৰ বাঁ‌হবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত আজি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আজি আছাৰ ২৮ তম বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আছাৰ বাঁ‌হবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচীত পৰম্পৰাগত সাজ পাৰ পিন্ধি আছা নেতাকৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড, নাগৰা, মাদল লৈ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, চাহ শ্ৰমিকক ভূমি পাট্টা প্ৰদান কৰক, নো এছটি নো ৰেষ্ট, আছা লং লিভ, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড, উই ওৱাণ্ট লেণ্ড পাট্টা আদি শ্লোগানেৰে উত্তাল কৰি তোলে মানাহ অঞ্চলৰ আকাশ বতাহ ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাই কয়, অতিশীঘ্ৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে৷জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰলোভন বাৰে বাৰে দেখি থকা হৈছে ৷ চৰকাৰৰ সদিচ্ছা থাকিলে কেন্দ্ৰলৈ অতিশীঘ্ৰে জনজাতিকৰণৰ প্ৰসংগত প্ৰতিবেদন পঠাওক ৷

আছাৰ প্ৰথম দাবী জনজাতিকৰণ ৷ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ৷ ওৰাং, মুণ্ডা, চান্তাল, খাৰিয়া হিচাপে পৰিচয় দিব লাগে আদিবাসীসকলক ৷ চাহ শ্ৰমিকক মাটিৰ পাট্টা, আদিবাসীসকলক ভূমিৰ অধিকাৰ দিব লাগে ৷ তেওঁলোকে কয় যে চৰকাৰে আমাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি তেওঁলোকে অৱহেলিত, পিছপৰি থাকিবলগীয়া হৈছে ৷ অসমত নতুনকৈ টেট অনুষ্ঠিত কৰিলে চাহ বাগিচা অঞ্চলৰ বাবে বা আদিবাসীসকলৰ বাবে সুকীয়াকৈ অনুষ্ঠিত কৰাৰ দাবী জনায় আছাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ৷

কাৰ্যসূচীত আছাৰ শিক্ষা সম্পাদক ৰাজু তিৰ্কীয়ে অংশগ্ৰহণ কৰি কয় যে চৰকাৰীভাবে আদিবাসীসকলক লৈ এক ষড়যন্ত্ৰ চলি আছে ৷ চৰকাৰীভাবে আদিবাসীসকলক লৈ যি জৰীপ চলি আছে সেই ফৰ্মত চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক বুলিহে মাত্ৰ উল্লেখ আছে৷কাৰোবাৰ পিতৃ মাতৃয়ে এদিনো চাহপাত চিঙি পোৱা নাই তেনে পিতৃ মাতৃ কেনেকৈ চাহ শ্ৰমিক হ’ব, কেনেকৈ তেওঁলোকে চাহ শ্ৰমিক বা প্ৰাক্তন চাহ শ্ৰমিক বুলি লিখা থকা ঠাইত চিন দিব পাৰিব ৷ গতিকে চৰকাৰে আদিবাসীসকলৰ জৰীপৰ এই ফৰ্মখনৰ শুধৰণি কৰি তাত আদিবাসী বা চাহজনগোষ্ঠী বুলি এটা পইণ্ট উল্লেখ কৰিব লাগে ৷

কংগ্ৰেছেই হওক বিজেপিয়েই হওক কোনো এখন চৰকাৰে আজিলৈ আদিবাসী জনগোষ্ঠীটোৰ তিলমানো উন্নতি নকৰিলে, কেৱল নিৰ্বাচনৰ সময়ত ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি থাকে সহজ সৰল জনগোষ্ঠীটোক ৷ অচিৰেই আদিবাসীসকলক জনজাতিকৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে আছাৰ শিক্ষা সম্পাদক তিৰ্কীয়ে ৷ উল্লেখ্য যে বিশ্ব আদিবাসী দিৱসৰ স’তে সংগতি ৰাখি আজি বাঁহবাৰীত ঘৰে ঘৰে আদিবাসীৰ জাতীয় স্বাভিমান গামোচা উত্তোলন, বন্তি প্ৰজ্বলন, ছহিদ তৰ্পন আদি কাৰ্যসূচী হাতত লোৱা হয় ৷

Exit mobile version