যােৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা কৃষকৰ আন্দোলনত অপ্রত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল নতুন দিল্লীৰ লালকিল্লাত। এই বিক্ষোভৰ পৰা শিক্ষা গ্রহণ কৰি আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পূর্বে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তােলা হ’ল লালকিল্লাত। ইতিমধ্যে জাহাজত সামগ্রী কঢ়িওৱা বিশাল আকাৰৰ কন্টেইনাৰ ব্যৱহাৰ কৰি লালকিল্লাক ঘেৰাও কৰি ৰখা হৈছে। স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ আগতে নিৰাপত্তা কটকটীয়া কৰিবলৈ এই পদক্ষেপ গ্রহণ কৰা বুলি দিল্লী আৰক্ষীয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
স্বাধীনতা দিৱসৰ পূর্বে সুন্দৰ আল্পনা অংকনৰে এই জাহাজৰ কন্টেইনাৰসমূহ সজাই তােলা হ’ব বুলিও দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে। ২৬ জানুৱাৰীৰ দৰে আগন্তুক স্বাধীনতা দিৱসৰ দিনাও কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰত কৃষকসকল উক্ত অঞ্চলত পুনৰ সমবেত হ’ব পাৰে আৰু সন্ত্রাসবাদীয়েও আক্রমণ চলাব পাৰে বুলি শংকা প্রকাশ কৰি দিল্লী আৰক্ষীয়ে লালকিল্লাৰ আশে-পাশে সর্বাধিক সতর্কতা অৱলম্বন কৰিছে।
উল্লেখ্য যে প্রতি বছৰে প্ৰধানমন্ত্রীয়ে লালকিল্লাৰ পৰা দেশবাসীক স্বাধীনতা দিৱসত সম্বােধন কৰি আহিছে। এইবাৰাে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে লালকিল্লাৰ পৰা ১৫ আগষ্টত দেশবাসীক উদ্দেশি ভাষণ দিব। প্রধানমন্ত্ৰীৰ ভাষণৰ সময়ত প্রতিবাদী কৃষকে বিক্ষোভ প্রদর্শন কৰাৰ শংকা আছে বুলি চোৰাংচোৱাৰ জৰিয়তে তথ্য লাভৰ পাছত দিল্লী আৰক্ষীয়ে আগন্তুক স্বাধীনতা দিৱসক লৈ ৰাজধানীৰ নিৰাপত্তাত কোনাে খুঁত ৰাখিব বিচৰা নাই।
যােৱা ২৬ জানুৱাৰীত ৰাজধানীত কৃষকসকলে প্রতিবাদৰ নামত যি ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই ঘটনাৰ পাছত দিল্লী আৰক্ষীৰ ভূমিকাক লৈ প্রশ্ন উত্থাপিত হৈছিল। সেয়েহে ১৫ আগষ্টত ৰাজধানীত নিৰাপত্তাৰ ক্ষেত্ৰত কোনাে সুৰুঙা ৰাখিব বিচৰা নাই দিল্লী আৰক্ষীয়ে। কেৱল এয়াই নহয়, কাশ্মীৰত বায়ুসেনাৰ ঘাটিত ড্র’ন্ আক্ৰমণৰ ঘটনাৰ কথা মনত ৰাখিও দিল্লী আৰক্ষীয়ে লালকিল্লা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত কঠোৰ নজৰদাৰীৰ ব্যৱস্থা কৰিছে।